ক’ৰ’ণাতংকৰ মাজতে আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, চলিব ১ অক্টোৱৰলৈ

par

সমগ্ৰ দেশজুৰি এতিয়া চলিছে মহামাৰী ক’ৰ’ণাৰ মহাসংহাৰ।

এনে সময়তে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ উভয় সদনৰ বৰ্ষাকালীন অধিৱেশন।

কোভিডৰ সকলো প্ৰটোকল মানি সংসদত উপস্থিত থাকিব সাংসদসকলে।

প্ৰতি গৰাকী সাংসদৰ মাজত প্লাষ্টিকেৰে তৈয়াৰ কৰা বিশেষ আচ্ছাদনেৰে পৃথকীকৰণ কৰা হ’ব আৰু সংসদত প্ৰৱেশৰ পূৰ্বে সাংসদসকলে বিশেষ ছেনিটাইজাৰ যন্ত্ৰৰ মাজেৰে পাৰ হৈ যাব লাগিব।

প্ৰতিবাৰে সংসদৰ অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হয় যদিও এইবাৰ ক’ৰ’ণাতংকৰ বাবেই সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হোৱা নাই।

এইবাৰ শাৰীৰিক অসুস্থতাৰ বাবে সংসদৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীয়ে।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰা মতে কালিয়েই সাংসদসকললৈ বিশেষ কোভিড কিট প্ৰেৰণ কৰা হৈছে।

প্ৰতিদিনে ৪ ঘণ্টাকৈ উভয় সদনৰ বৈঠক চলিব।সেইমৰ্মে পুৱা ৯ বজাৰ পৰা ১ বজালৈ ৰাজ্যসভাৰ আৰু ৩ বজাৰ পৰা ৭ বজালৈ লোকসভাৰ অধিৱেশন চলিব।

এইবাৰৰ অধিৱেশনত কৃষক সম্পৰ্কীয় কেইবাখনো অধ্যাদেশ, অত্যাৱশ্যকীয় সামগ্ৰী আইন সম্পৰ্কীয় অধ্যাদেশৰ লগতে ১১ খন অধ্যাদেশ  উত্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।