ক’ৰ’নাতংকৰ বাবে চলিত বৰ্ষৰ সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত কৰাত পলম হ’ব।
চৰকাৰী সূত্ৰই কয় যে চলিত বৰ্ষৰ সংসদৰ বৰ্ষাকালীন অধিবেশন আগষ্টৰ শেষৰ ফালে অথবা ছেপ্টেম্বৰৰ প্রথম ফালে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, সাধাৰণতে জুলাইৰ শেহৰ ফালে সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হয়।
কিন্তু দেশত ক’ৰ’নাতংক অব্যাহত থকাৰ বাবে এইবাৰ সংসদৰ বৰ্ষাকালীন অধিবেশন পূৰ্বৰ দৰে জুলাইৰ শেহৰ ফালে অনুষ্ঠিত কৰাতো সম্ভৱ নহ’ব।
সংসদীয় সূত্ৰৰ খবৰ মতে বিজ্ঞান ভৱনৰ অথবা চেন্ট্ৰেল হলত এদিন ৰাজ্য সভা আৰু আন দিনা লোকসভাৰ অধিবেশন সলনা সলনিকৈ অনুষ্ঠিত কৰিব পাৰি নেকি চিন্তা কৰা হৈছিল যদিও তাৰ সম্ভাৱনা উজ্বল নহয়।
ইফালে ৰাজনৈতিক সূত্ৰৰ মতে চৰকাৰৰ হাতত এনে কোনো জৰুৰী অথবা অত্যাৱশ্যকীয় বিল বা অৰ্ডিনেন্স গৃহীত কৰিবলগীয়া নাই। সেয়ে চৰকাৰী ফালৰ পৰা সংসদৰ অধিবেশন অধিক জৰুৰী বুলিও বিবেচিত হোৱা নাই।
কিন্তু বিৰোধী পক্ষই কিছু সদস্যৰ উপস্থিতিৰে সংসদৰ অধিবেশন অনুষ্ঠিত কৰাতো বিচাৰিছে।
ৰাজধানীৰ বাহিৰত থকা সদস্যসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে অধিবেশনত যোগ দিব পাৰে বুলিও মত প্ৰকাশ কৰিছে বিৰোধী পক্ষই।
বিৰোধীৰ মতে বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত নোহোৱাতো চৰকাৰৰ পক্ষে লাভজনকহে হৈছে।
অধিবেশন অনুষ্ঠিত হ’লে লাডাখ সীমান্তত ভাৰতৰ ভূমি চীন দখল কৰাক লৈ বিৰোধীয়ে তোলা প্ৰশ্নবোৰৰ উত্তৰ সংসদত চৰকাৰে দিবলৈ বাধ্য হ’ব চৰকাৰ।
প্ৰণিধানযোগ্য যে চীন-ভাৰত সংঘাতৰ সম্পৰ্কত চৰকাৰে অদ্যপি স্পষ্টভাৱে কোনো স্থিতি প্ৰকাশ কৰা নাই।
সংবিধান অনুযায়ী ৬ মাহৰ মূৰে মূৰে সংদৰৰ দুয়ো সদৰ অধিবেশন অনুষ্ঠিত হ’ব লাগে।