হাৰিল বিজেপি প্ৰাৰ্থী, হাৰিল বাজি! চৰ্ত মতেই আধাকৈ মুণ্ডন কৰিলে মোচ আৰু চুলি

Man Partially shaved hair moustache

যোৱা দেওবাৰে ঘোষণা কৰা হৈছিল চাৰি ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল। এই নিৰ্বাচনত বিজেপিয়ে মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ লগতে ছত্তীশগড়তো চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰে।

বিশেষকৈ ছত্তীশগড় বিধানসভা নিৰ্বাচনত শাসকীয় কংগ্ৰেছক উফৰাই বিজেপিয়ে লাভ কৰা জয় ব্যাপক চৰ্চাৰ কাৰণ হৈ পৰে। এই নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত নিৰ্বাচনকেন্দ্ৰিক আন এক ঘটনাই লাভ কৰিছে চৰ্চা।

বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ এজন ব্যক্তিয়ে বন্ধুবৰ্গৰ সৈতে এক অদ্ভুত বাজি ধৰিছিল। নাম তেওঁৰ ডেৰহা ৰাম যাদৱ। পেছাত ডেৰহা ৰাম যাদৱ এগৰাকী ইলেক্ট্ৰিচিয়ান।

যাদৱে বাজি ধৰিছিল যে যদি ছত্তীশগড়ৰ মহাসমুন্দ জিলাৰ কল্লাৰী বিধানসভাৰ আসনৰ পৰা বিজেপি প্ৰাৰ্থী অলকা চন্দ্ৰকাৰ পৰাজিত হয় তেন্তে তেওঁৰ মূৰ আৰু গোঁফ আংশিকভাৱে মুণ্ডন কৰিব।

দেওবাৰে ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে আৰু কল্লাৰীৰ পৰা কংগ্ৰেছৰ দ্বাৰিকাধীশ যাদৱৰ হাতত চন্দ্ৰকাৰ পৰাজিত হয়। আৰু তাৰ পিছতেই যাদৱে ৰাখে নিজৰ চৰ্ত।

চৰ্ত মতেই যাদৱে নাপিতৰ দোকান এখনলৈ গৈ চুলি আৰু গোঁফ আংশিকভাৱে মুণ্ডন কৰি পেলায়।এই ঘটনাই লাভ কৰে ব্যাপক চৰ্চা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে যাদৱৰ ছবি।

উল্লেখ্য যে, ৯০খন বিধানসভাৰ আসনৰ ভিতৰত ৫৪খন আসন লাভ কৰি বিজেপি ছত্তীশগড়ৰ ক্ষমতালৈ অহাৰ বিপৰীতে মাত্ৰ ৩৫ টা সমষ্টিৰে কংগ্ৰেছ ক্ষমতাচ্যুত হয়।