হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে কৰ্তব্যৰত সাংবাদিকক কৰা অপমানক তীব্ৰ গৰিহণা জাতীয় দল সংগঠনৰ

IMG-20190818-WA0000

শনিবাৰে কৰ্তব্যৰত সাংবাদিকক হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠন এটাৰ কৰ্মীয়ে কৰা অশোভনীয় আচৰণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অনুসূচীত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি আৰু বীৰ লাচিত সেনা শিৱসাগৰ সমিতিয়ে।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পৰশ জ্যোতি দাস আৰু বীৰ লাচিত সেনাৰ সভাপতি চিতু বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা প্ৰকাশ কৰে।

বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন্দ্ৰ নাথ মহনৰ উপস্থিতিত সাংবাদিকে শিলাদিত্য দেৱৰ বিষয়ে প্ৰশ্ন কৰাত কোনো উত্তৰ দিব নোৱাৰি হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৱে সাংবাদিকক মাৰিবলৈ উদ্যত হোৱা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সংগঠন দুটাই।

বিবৃতিটোত কোৱা হয় যে ভাৰতৰ সংবিধানত সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, কিন্তু শিৱসাগৰৰ ঘটনাই গণতন্ত্ৰক আঘাত কৰাৰ লগতে শিৱসাগৰৰ দৰে সাংস্কৃতিৱান আৰু শিক্ষিত জিলাত এনে ঘটনা হোৱাটো অতিকে দুৰ্ভাগ্যজনক।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে কয় যে এনে ঘটনাই প্ৰকাশ কৰিছে যে বিজেপি দলটোৱে প্ৰকৃততে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ চৰম পৰ্য্যায় অতিক্ৰম কৰিছে।

তেওঁ কয় যে হিন্দু জাগৰণ মঞ্চৰ দৰে ধৰ্মৰ ভিত্তিত গঢ় লৈ উঠা এটি সামাজিক সংগঠনৰ এনে কাৰ্যই আমাক চিন্তিত কৰি তুলিছে যে দেশ বৰ্তমান কোন পথেৰে গতি কৰিছে।

তেওঁ ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনক উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

আনহাতে, বীৰ লাচিত সেনাৰ সভাপতি চিতু বৰুৱাই কয় যে, অসমত বিগত সময়ত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকলৰ ওপৰত যি ধৰণে আক্ৰমণ চলি আহিছে তাৰ পৰা বৰ্তমান গণতন্ত্ৰক এচাম ব্যক্তিয়ে ৰাজনৈতিক ক্ষমতাত বলীয়ান  হৈ যে কুঠাৰঘাত কৰিছে সেইটো স্পষ্ট হৈছে।

তেওঁ কয় যে ই দেশৰ বাবে এক অশোভনীয় ইংগিত। বীৰ লাচিত সেনাই সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছে।

ইপিনে,বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক একাংশ বিজেপি আৰু হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে কৰা দুৰ্ব্যৱহাৰৰ ঘটনাক শিৱসাগৰৰ সচেতন মহলেও তীব্ৰ গৰিহণা দিছে।