ৰাজ্যত পঞ্চায়ত নিৰ্বাচন-কেন্দ্ৰিক গৰম বতাহ বলিবলৈ আৰম্ভ কৰাৰ মহূৰ্ততে উত্তপ্ত হ’ল মৰিগাঁৱৰ বিজেপি কাৰ্য্যালয়। নিৰ্বাচনী মিত্ৰতা আৰু দলীয় টিকটক কেন্দ্ৰ কৰি পৰিৱেশ উত্তাল কৰি তুলিলে একাংশ বিজেপি কৰ্মীয়ে।
তৃণমূল কৰ্মীৰ ক্ষোভৰ সন্মুখীন হ’ব লগীয়া হ’ল খোদ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী। দলীয় কৰ্মীয়ে ক্ষোভ উজাৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও। কাৰণ মৰিগাঁৱৰ বিজেপি কৰ্মীসকলে নিবিচাৰে জাতীয় ঐক্য মঞ্চৰ সৈতে মিত্ৰতা।
একাংশ বিজেপি কৰ্মীৰ স্পষ্ট মত, “কোনো কাৰণতে জাতীয় ঐক্য মঞ্চৰ সৈতে মিত্ৰতা হ’ব নোৱাৰিব।”
উল্লেখ্য যে, মৰিগাঁৱত জাতীয় ঐক্য মঞ্চ(পূৰ্বৰ তিৱা জাতীয় ঐক্য মঞ্চ) নামৰ স্থানীয় ৰাজনৈতিক দলটোৱে বিগত সময়ছোৱাত কিছু পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। ২০১৫ চনৰ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এই দলটো দ্বিতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছিল। আনকি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও বিধান সভা নিৰ্বাচনৰ আগত তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰতিনিধি হিচাপেই স্বায়ত্ত শাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হৈ আছিল।
এতিয়া জাতীয় ঐক্য মঞ্চৰ সৈতে পঞ্চায়তত বিজেপিয়ে নিৰ্বাচনী মিত্ৰতা কৰাৰ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে যদিও এইক্ষেত্ৰত বিধি-পথালি দিছে একাংশ কৰ্মীয়ে। যাৰ বাবে তৃণমূল কৰ্মীৰ মাজত ক্ষোভৰ উদগিৰণ হৈছে বিজেপিৰ মৰিগাঁৱৰ কৰ্মীসকলৰ মাজত।
অৱশ্যে, মৰিগাঁৱৰ ক্ষুব্ধ বিজেপি কৰ্মীসকলৰ আগত ৰূপম গোস্বামীয়ে জাতীয় ঐক্য মঞ্চৰে মিত্ৰতা চূড়ান্ত হোৱা নাই বুলি মন্তব্য কৰে। তেওঁ কয়, “আজি ৬টা পঞ্চায়তৰ প্রাৰ্থী নিৰ্বাচন কৰিছো। জাতীয় ঐক্য মঞ্চৰ লগত মিত্রতা এতিয়াও ঠিক হোৱা নাই।”
এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰ অভিযোগেৰে ৰাজ্যত সৃষ্টি হোৱা ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ আন্দোলনে দলটোৰ নেতৃত্বক এক প্ৰকাৰ যেন চিন্তিত কৰি তুলিছে।
যাৰ বাবে পঞ্চায়তত জয়লাভৰ বাবে মুকলিকৈ নহ’লেও সমষ্টি বা জিলা পৰ্যায়ত অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ অংকত আছিল যদিও শেষ মুহূৰ্তত সেয়া সম্ভৱ নহ’ব বুলি স্পষ্ট হৈছে। কাৰণ অগপৰ গৰিষ্ঠ সংখ্যক তৃণমূল কৰ্মীয়েই নিবিচাৰে বিজেপিৰে মিত্ৰতা। সেয়ে গণশক্তি আৰু মৰিগাঁৱত জাতীয় ঐক্য মঞ্চৰ দৰে সৰু সৰু আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰি হ’লেও মান ৰক্ষাৰ যেন চেষ্টা চলাই আছে ৰাজ্যিক বিজেপিয়ে। কিন্তু এইক্ষেত্ৰত দলৰ ৰাজ্যিক নেতৃত্বৰে একমত নহয় ভালেসংখ্যক তৃণমূল কৰ্মী।