DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিত্ৰতাক লৈ উত্তপ্ত মৰিগাঁও বিজেপিৰ কাৰ্য্যালয় : মুখপাত্ৰ ৰূপম গোস্বামীৰ সন্মুখত ক্ষোভ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 13, 2018 9:19 pm
BJP

প্ৰতিনিধিত্বমূলক ছবি

445
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন-কেন্দ্ৰিক গৰম বতাহ বলিবলৈ আৰম্ভ কৰাৰ মহূৰ্ততে উত্তপ্ত হ’ল মৰিগাঁৱৰ বিজেপি কাৰ্য্যালয়। নিৰ্বাচনী মিত্ৰতা আৰু দলীয় টিকটক কেন্দ্ৰ কৰি পৰিৱেশ উত্তাল কৰি তুলিলে একাংশ বিজেপি কৰ্মীয়ে।

তৃণমূল কৰ্মীৰ ক্ষোভৰ সন্মুখীন হ’ব লগীয়া হ’ল খোদ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী। দলীয় কৰ্মীয়ে ক্ষোভ উজাৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও। কাৰণ মৰিগাঁৱৰ বিজেপি কৰ্মীসকলে নিবিচাৰে জাতীয় ঐক্য মঞ্চৰ সৈতে মিত্ৰতা।

একাংশ বিজেপি কৰ্মীৰ স্পষ্ট মত, “কোনো কাৰণতে জাতীয় ঐক্য মঞ্চৰ সৈতে মিত্ৰতা হ’ব নোৱাৰিব।”

উল্লেখ্য যে, মৰিগাঁৱত জাতীয় ঐক্য মঞ্চ(পূৰ্বৰ তিৱা জাতীয় ঐক্য মঞ্চ) নামৰ স্থানীয় ৰাজনৈতিক দলটোৱে বিগত সময়ছোৱাত কিছু পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। ২০১৫ চনৰ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এই দলটো দ্বিতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছিল। আনকি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও বিধান সভা নিৰ্বাচনৰ আগত তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰতিনিধি হিচাপেই স্বায়ত্ত শাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হৈ আছিল।

এতিয়া জাতীয় ঐক্য মঞ্চৰ সৈতে পঞ্চায়তত বিজেপিয়ে নিৰ্বাচনী মিত্ৰতা কৰাৰ চেষ্টা চলাই আছে বুলি জানিব পৰা গৈছে যদিও এইক্ষেত্ৰত বিধি-পথালি দিছে একাংশ কৰ্মীয়ে। যাৰ বাবে তৃণমূল কৰ্মীৰ মাজত ক্ষোভৰ উদগিৰণ হৈছে বিজেপিৰ মৰিগাঁৱৰ কৰ্মীসকলৰ মাজত।

অৱশ্যে, মৰিগাঁৱৰ ক্ষুব্ধ বিজেপি কৰ্মীসকলৰ আগত ৰূপম গোস্বামীয়ে জাতীয় ঐক্য মঞ্চৰে মিত্ৰতা চূড়ান্ত হোৱা নাই বুলি মন্তব্য কৰে। তেওঁ কয়, “আজি ৬টা পঞ্চায়তৰ প্রাৰ্থী নিৰ্বাচন কৰিছো। জাতীয় ঐক্য মঞ্চৰ লগত মিত্রতা এতিয়াও ঠিক হোৱা নাই।”

এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰ অভিযোগেৰে ৰাজ্যত সৃষ্টি হোৱা ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ আন্দোলনে দলটোৰ নেতৃত্বক এক প্ৰকাৰ যেন চিন্তিত কৰি তুলিছে।

যাৰ বাবে পঞ্চায়তত জয়লাভৰ বাবে মুকলিকৈ নহ’লেও সমষ্টি বা জিলা পৰ্যায়ত অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ অংকত আছিল যদিও শেষ মুহূৰ্তত সেয়া সম্ভৱ নহ’ব বুলি স্পষ্ট হৈছে। কাৰণ অগপৰ গৰিষ্ঠ সংখ্যক তৃণমূল কৰ্মীয়েই নিবিচাৰে বিজেপিৰে মিত্ৰতা। সেয়ে গণশক্তি আৰু মৰিগাঁৱত জাতীয় ঐক্য মঞ্চৰ দৰে সৰু সৰু আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কৰি হ’লেও মান ৰক্ষাৰ যেন চেষ্টা চলাই আছে ৰাজ্যিক বিজেপিয়ে। কিন্তু এইক্ষেত্ৰত দলৰ ৰাজ্যিক নেতৃত্বৰে একমত নহয় ভালেসংখ্যক তৃণমূল কৰ্মী।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd