পতঞ্জলিৰ ‘ভুল বিজ্ঞাপন’; উচ্চতম ন্যায়ালয়ত নি:চৰ্ত ক্ষমা বিচাৰিলে ৰামদেৱ-বালকৃষ্ণই

প্ৰতিনিধিত্বমূলক ফটো।

পতঞ্জলিৰ পৰিচালন সঞ্চালক তথা যোগগুৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণই কোম্পানীটোৰ “ভুল বিজ্ঞাপন”ৰ বাবে উচ্চতম ন্যায়ালয়ত “নি:চৰ্ত ক্ষমাপ্ৰাৰ্থনা” বিচাৰিছে। যোৱা মঙলবাৰে উচ্চতম ন্যায়ালয়ে পতঞ্জলি বিজ্ঞাপন গোচৰত ৰামদেৱ আৰু বালকৃষ্ণক চমন দিছিল। ইয়াৰ পিছতে বুধবাৰে শপতনামাৰে ক্ষমা খুজিছে ৰামদেৱ-বালকৃষ্ণই।

আদালতত দাখিল কৰা এখন চুটি শপতনামাত বালকৃষ্ণই লিখিছে, “কোম্পানীটোৰ বিজ্ঞাপনত আপত্তিজনক ভাষাৰ বাবে তেওঁ দুঃখিত।”

উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰামদেৱৰ ফাৰ্ম পতঞ্জলিলৈ জাননী জাৰি কৰিছিল। কিন্তু সেই জাননীৰ কোনো সঁহাৰি নোপোৱাত আদালত ক্ষুব্ধ হৈ পৰিছিল।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনত তীক্ষ্ণ নজৰ ৰাখিব মেটাই; ৪০ হাজাৰ কৰ্মী নিয়োগ কৰিছে জুকাৰবাৰ্গে!

মঙলবাৰে ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুলাৰ বিচাৰপীঠে ৰামদেৱ আৰু বালকৃষ্ণক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। অহা ২ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ কোৱা হয় ৰামদেৱ আৰু বালকৃষ্ণক।

পূৰ্বৰ গোচৰতে উচ্চতম ন্যায়ালয়ে পতঞ্জলি কৰ্তৃপক্ষ আৰু বালকৃষ্ণলৈ জাননী প্ৰেৰণ কৰি তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ কিয় দাখিল কৰা নহ’ব জানিবলৈ বিচাৰিছিল।

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে, “এতিয়ালৈকে কিয় জাননীৰ প্ৰতি সঁহাৰি দিয়া নাই? আমি কোম্পানীটোৰ পৰিচালন সঞ্চালকক পৰৱৰ্তী শুনানিৰ তাৰিখত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছো।’

বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধ সন্দৰ্ভত ‘বিভ্ৰান্তিকৰ আৰু ভুৱা’ বিজ্ঞাপনৰ বিৰুদ্ধে সকীয়াই দিছিল। লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনাও হ’ব পাৰে। ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সেই গোচৰতে কেন্দ্ৰক সমালোচনা কৰিছিল।

লগতে পঢ়কঃ ধুবুৰীত গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী; আছিল দেশৰ বিভিন্ন অঞ্চলত কূটাঘাতৰ পৰিকল্পনা

গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “চৰকাৰে চকু মুদি বহি আছে। এয়া বৰ দুৰ্ভাগ্যজনক। চৰকাৰে তৎকালীন ব্যৱস্থা ল’ব লাগে।”

ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে ভাৰতীয় চিকিৎসা সংস্থাই (আই এম এ) গোচৰ তৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড প্ৰতিৰোধী নোহোৱা স্বত্তেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল।  আই এম এয়ে লগতে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন প্ৰচাৰ চলোৱা হৈছিল।

লগতে পঢ়কঃ আগুৱালে ২০২৪-ৰ NET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

যোৱা বছৰৰ নৱেম্বৰ মাহত এই গোচৰৰ শুনানি চলি থকাৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে পতঞ্জলি আয়ুৰ্বেদে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন বন্ধ নকৰিলে জৰিমনা ভৰিব লাগিব।