• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতঞ্জলিৰ ‘ভুল বিজ্ঞাপন’; উচ্চতম ন্যায়ালয়ত নি:চৰ্ত ক্ষমা বিচাৰিলে ৰামদেৱ-বালকৃষ্ণই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2024 11:16 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পতঞ্জলিৰ পৰিচালন সঞ্চালক তথা যোগগুৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণই কোম্পানীটোৰ “ভুল বিজ্ঞাপন”ৰ বাবে উচ্চতম ন্যায়ালয়ত “নি:চৰ্ত ক্ষমাপ্ৰাৰ্থনা” বিচাৰিছে। যোৱা মঙলবাৰে উচ্চতম ন্যায়ালয়ে পতঞ্জলি বিজ্ঞাপন গোচৰত ৰামদেৱ আৰু বালকৃষ্ণক চমন দিছিল। ইয়াৰ পিছতে বুধবাৰে শপতনামাৰে ক্ষমা খুজিছে ৰামদেৱ-বালকৃষ্ণই।

আদালতত দাখিল কৰা এখন চুটি শপতনামাত বালকৃষ্ণই লিখিছে, “কোম্পানীটোৰ বিজ্ঞাপনত আপত্তিজনক ভাষাৰ বাবে তেওঁ দুঃখিত।”

উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰামদেৱৰ ফাৰ্ম পতঞ্জলিলৈ জাননী জাৰি কৰিছিল। কিন্তু সেই জাননীৰ কোনো সঁহাৰি নোপোৱাত আদালত ক্ষুব্ধ হৈ পৰিছিল।

Apply Now

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনত তীক্ষ্ণ নজৰ ৰাখিব মেটাই; ৪০ হাজাৰ কৰ্মী নিয়োগ কৰিছে জুকাৰবাৰ্গে!

মঙলবাৰে ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ আহছানুদ্দিন আমানুলাৰ বিচাৰপীঠে ৰামদেৱ আৰু বালকৃষ্ণক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। অহা ২ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ কোৱা হয় ৰামদেৱ আৰু বালকৃষ্ণক।

পূৰ্বৰ গোচৰতে উচ্চতম ন্যায়ালয়ে পতঞ্জলি কৰ্তৃপক্ষ আৰু বালকৃষ্ণলৈ জাননী প্ৰেৰণ কৰি তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ কিয় দাখিল কৰা নহ’ব জানিবলৈ বিচাৰিছিল।

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে, “এতিয়ালৈকে কিয় জাননীৰ প্ৰতি সঁহাৰি দিয়া নাই? আমি কোম্পানীটোৰ পৰিচালন সঞ্চালকক পৰৱৰ্তী শুনানিৰ তাৰিখত আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছো।’

বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধ সন্দৰ্ভত ‘বিভ্ৰান্তিকৰ আৰু ভুৱা’ বিজ্ঞাপনৰ বিৰুদ্ধে সকীয়াই দিছিল। লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনাও হ’ব পাৰে। ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সেই গোচৰতে কেন্দ্ৰক সমালোচনা কৰিছিল।

লগতে পঢ়কঃ ধুবুৰীত গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী; আছিল দেশৰ বিভিন্ন অঞ্চলত কূটাঘাতৰ পৰিকল্পনা

গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “চৰকাৰে চকু মুদি বহি আছে। এয়া বৰ দুৰ্ভাগ্যজনক। চৰকাৰে তৎকালীন ব্যৱস্থা ল’ব লাগে।”

ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে ভাৰতীয় চিকিৎসা সংস্থাই (আই এম এ) গোচৰ তৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড প্ৰতিৰোধী নোহোৱা স্বত্তেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল।  আই এম এয়ে লগতে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন প্ৰচাৰ চলোৱা হৈছিল।

লগতে পঢ়কঃ আগুৱালে ২০২৪-ৰ NET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

যোৱা বছৰৰ নৱেম্বৰ মাহত এই গোচৰৰ শুনানি চলি থকাৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত কৈছিল যে পতঞ্জলি আয়ুৰ্বেদে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন বন্ধ নকৰিলে জৰিমনা ভৰিব লাগিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd