ক’ৰ’ণাৰ দৰৱৰ নামত ভুৱা প্ৰচাৰ,পতঞ্জলিক ১০ লাখ টকাৰ জৰিমনা আদালতৰ

Coronil

যিটো সময়ত বিশ্বৰ বিজ্ঞানী মহলে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা দৰৱ বিচাৰি চলাথ কৰিছে সেই সময়তে যোগগুৰু ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা মহৌষধ কৰনিল আবিষ্কাৰ কৰা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল।

পতঞ্জলিয়ে আনকি কৰনিল দৰৱ বিধৰ বিপণনৰ বাবেও প্ৰস্থুত হৈছিল।

কিন্তু আয়ুষ বিভাগৰ হস্তক্ষেপত প্ৰথম পদক্ষেপতে থমকি ৰ’ৱ লগীয়া হৈছিল পতঞ্জলি।

এতিয়াও যেন বিপদে লগ এৰা দিয়া নাই পতঞ্জলিক।

শেহতীয়াকৈ ক’ৰ’ণাৰ দৰৱৰ নামত ভুৱা প্ৰচাৰ চলোৱাৰ বাবে ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিছে।

পতঞ্জলিয়ে ক’ৰ’ণাৰ প্ৰতিষেধক হিচাবে দাবী কৰা কৰনিল নামৰ দৰৱ এবিধৰ পেটেণ্ট ১৯৯৩ চনতে চেন্নাইৰ অৰুদ্ৰা ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে লাভ কৰি থৈছে।

উক্ত প্ৰতিষ্ঠানটোৱে অম্ল পিত্তৰ দৰৱ হিচাবে কৰনিল ৯২-বি নামৰ দৰৱ বিধৰ পেটেণ্ট লাভ কৰিছিল।

ইমানৰ পিছতো পতঞ্জলিয়ে একে নামেৰে দৰৱ উলিয়াই ক’ৰ’ণাৰ প্ৰতিৰোধী দৰৱ বুলি প্ৰচাৰ চলাই পেটেণ্ট আইন উলংঘা কৰিছে।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি ভি কাৰ্তিকেয়নে পতঞ্জলিৰ কাৰ্যক সমালোচনা কৰাৰ লগতে ক’ৰ’ণাৰ দৰৱ উলিওৱা বুলি ভুৱা প্ৰচাৰ চলোৱাৰ বাবে প্ৰতিষ্ঠানটোক ১০ লাখ টকাৰ জৰিমনা বিহে।

একেদৰে আদালতে কৰনিলৰ বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞাও বাতিল কৰিবলৈ অস্বীকাৰ কৰে।