• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত ভূতবাংলো সদৃশ তথ্যকেন্দ্ৰ জিলিকাইছে লুইতৰ পাৰ জিলিকাবলগা গুৱাহাটী বিশ্ববিদ্যালয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2019 4:47 pm
gu information centre

গুৱাহাটী বিশ্ববিদ্যালয় তথ্য কেন্দ্ৰ। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লুইতৰ পাৰ জিলিকোৱাৰ প্ৰতিশ্ৰুতি বহনকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত বছৰ বছৰ ধৰি জিলিকাই ৰাখিছে ভূতবাংলোসদৃশ তথ্যকেন্দ্ৰটো।

আমবাৰীত অগপ মুখ্যালয়ৰ সমীপতে থকা কেন্দ্ৰটোত কোনো দৰ্শনাৰ্থী তথ্য বিচাৰি গ’লে অতিক্ৰম কৰিবলগা হয় মকৰাজালৰ নিৰাপত্তা বেহু।

Apply Now

মকৰাজাল আৰু জংঘলৰ মাজত ফঁটা দেৱালেৰে থিয় হৈ আছে উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ তথ্য কেন্দ্ৰটো। চৌহদৰ শোভা বঢ়াই নিথৰ হৈ পৰি আছে মদৰ কেইটামান খালী বটল।

মকৰাজাল আৰু ধূলিৰ মাজত এতিয়াও নিজৰ অস্তিত্ব বৰ্তাই আছে ৭ বছৰ পূৰ্বেই অঁৰা এখন জাননী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস ধৰি ৰখা এই জাননীৰ পিছত আৰু হয়তো একো ঘোষণা অঁৰা হোৱা নাই ফলকখনত।

আৰু এই ভূতবাংলোসদৃশ কেন্দ্ৰৰ চোৱা-চিতা কৰিবলৈ মাহিলী দৰমহা দি দুজন কৰ্মচাৰী ৰাখিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। দায়িত্বত আছে শৈলেন্দ্ৰ নাথ ডেকা আৰু জয়ন্ত ঠাকুৰীয়া।

“আমাৰ কাম বুলিবলৈ একোৱেই নাথাকে,” ৰাজহুৱা দৰ্মহা লৈ থকা প্ৰতিষ্ঠানটো অন্ততঃ পৰিস্কাৰকৈ ৰখাটো হয়তো অতিৰিক্ত আৰু অকৰণীয় বুলি গণ্য কৰা শৈলেন্দ্ৰ নাথ ডেকাৰ মন্তব্য।

ডেকাৰ মতে তেওঁ ১০ হাজাৰ আৰু জয়ন্ত ঠাকুৰীয়াই ২৬ হাজাৰ টকাকৈ মাহিলী দৰমহা লাভ কৰি আছে। ডেকাই ২০১২ চনৰ ৩০ নৱেম্বৰত কেন্দ্ৰটোত যোগ দিয়াৰ বিপৰীতে তাৰ তিনি বছৰ পূৰ্বে যোগ দিছিল ঠাকুৰীয়াই।

ইপিনে ডেকাই সদৰী কৰা মতে তথ্যকেন্দ্ৰটোৰ বিজুলী বিলো বিশ্ববিদ্যালয়ে পৰিশোধ নকৰে, ফলত তেওঁলোকে নিজেই ইয়াৰ ধন ভৰি আহিছে। ডেকাই কয় কাৰেন্টৰ বিলসমূহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক জমা দি আহিছে যদিও “ফাইলটো বিচাৰি নোপোৱা” বাবে প্ৰাপ্য ধন কৰ্তৃপক্ষই মোকলাই দিব পৰা নাই।

জালুকবাৰীত অৱস্থিত বিশ্ববিদ্যালয়খনৰ নগৰৰ মুখ কেন্দ্ৰটোৰ এই অৱস্থাত কোনো উদ্বিগ্নতাভৰা প্ৰতিক্ৰিয়া নাই উপাচাৰ্য্য মৃদুল হাজৰিকাৰ।

“তথ্য কেন্দ্ৰটো নামতহে আছে। লাগি থকা চাইন ব’ৰ্ডখন উঠাইহে দিব লাগে। আজিকালি অনলাইনৰ যুগ। তথ্য কেন্দ্ৰত গৈ তথ্য লোৱাৰ প্ৰক্ৰিয়া নাইকিয়া হৈ গৈছে। আজিকালি ৱে’বচাইট আহিছে,” এয়া উপাচাৰ্য্য হাজৰিকাৰ মন্তব্য।

gu information centre
মকৰাজালৰ মাজত জাননীখন। ছবি- নৰ্থ ইষ্ট নাও।

অথচ কেৱল নগৰৰ সোঁমাজতে নহয়, কেন্দ্ৰটো অৱস্থিত গুৱাহাটীত পৰ্য্যটকৰ দৰ্শনীয় স্থানসমূহৰ লগতে। কাষতে থূপ খাই আছে ৰবীন্দ্ৰ ভৱন, পুথিভঁৰাল, নেদফি হাট, দীঘলীপুখুৰী, ৰাজ্যিক সংগ্ৰহালয়কে ধৰি বহুকেইটা পৰ্য্যটন থলী। পৃথিৱীৰ বিখ্যাত বিশ্ববিদ্যালয়সমূহে দৰ্শনাৰ্থীৰ বাবে ৰাখে বিশেষ ভ্ৰমণ পেকে’জ।

“চাইনব’ৰ্দখনো উঠাই দিব লাগে” বুলি মন্তব্য কৰাৰ পিছত একেটা প্ৰতিক্ৰিয়াতে একেগৰাকী উপাচাৰ্য্যই “এইবাৰ বাজেটত কেন্দ্ৰটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন ধাৰ্য্য কৰা হৈছিল” আৰু “তাত অন্য এটা কেন্দ্ৰ স্থাপন কৰিবলৈ চিন্তা-চৰ্চা কৰা হৈছে” বুলিও বিৰোধমূলক যেন লগা তিনিটা কথা প্ৰকাশ কৰে।

“এইবছৰ বাজেটত এই কেন্দ্ৰটোৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে ধন ধায্য কৰা হৈছে। আমি সেই তথ্য কেন্দ্ৰটো ভাঙি তাৰ ঠাইত মডাৰ্ন তথ্যকেন্দ্ৰ নিৰ্মাণ কৰিব পাৰিলোহেঁতেন। কিন্তু তথ্যকেন্দ্ৰৰ ওপৰ মহলাটোত মেডিকেল এছ’চিয়েছনৰ এক কাৰ্য্যালয় আছে। গতিকে পুনৰ নিৰ্মাণ কৰিবলৈ হ’লে যুটীয়াভাৱে কৰিব লাগিব।…. আমি বেলেগ এটা কেন্দ্ৰ নিৰ্মাণ কৰাৰ কথা ভাবিছো। আলোচনা চলি আছে, কিন্তু কেনেকুৱা কি স্থাপন কৰা হ’ব সেয়া এতিয়াও ঠিক হোৱা নাই। মুঠতে নতুন কেন্দ্ৰ এটা তাত নিৰ্মাণ হ’ব,” এয়া উপাচাৰ্য্যৰ মন্তব্য।

কেন্দ্ৰটোৰ কৰ্মচাৰীজনৰ বিজুলী বিলৰ অভিযোগ ‘ভিত্তিহীন’ বুলিও হাজৰিকাই দাবী কৰে।

এইদৰেই জিলিকিবনেকি লুইতৰ পাৰ?

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক, সংগঠন, বিশিষ্ট– কাৰো গাত নালাগেনে বিশ্ববিদ্যালয়ৰ লেতেৰা, পৰিত্যক্ত ঘৰটো দেখি?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd