NORTHEAST NOW (Assamese)

মহাভুল! মৰ্গৰ পৰা উঠি আহিল চিকিৎসকে মৃত বুলি ঘোষণা কৰা ৰোগী : কেৰালাৰ হাস্পাতালত হুলস্থূলীয়া ঘটনা

January 15, 2025 9:53 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

মৰ্গৰ পৰা উঠি আহিল এজন ৰোগী। কেৰেলাৰ কান্নুৰত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে মাজনিশা এই ঘটনাই সমগ্ৰ চিকিৎসালয়খন কঁপাই তোলে।

হাওঁফাওঁৰ সমস্যাৰ বাবে এজন ৬৭ বছৰীয়া ব্যক্তিক এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে চিকিৎসা আৰম্ভ কৰিলে। বিভিন্ন যন্ত্ৰৰ দ্বাৰা ব্যক্তিজনক সুস্থ কৰিবলৈ চেষ্টা কৰে চিকিৎসকে। কিন্তু  যন্ত্ৰ-পাতি প্ৰয়োগৰ পিছতো শাৰীৰিক অৱস্থাৰ কোনো উন্নতি নোহোৱাত চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ পৰিয়াললৈ ফোন কৰি যান্ত্ৰিক সহায়ক আঁতৰাই পেলোৱা হ’ব বুলি জনায়।

সোমবাৰে বিয়লি চিকিৎসালয়খনে ব্যক্তিগৰাকীক মৃত ঘোষণা কৰে। পৰিয়ালক খবৰ দিয়া হয়। মৃতদেহটো ঘৰলৈ নিয়াৰ সকলো ব্যৱস্থা চিকিৎসালয়ৰ দ্বাৰা কৰা হয়।

ৰাতি হোৱাৰ বাবে সেইদিনা শেষ ৰীতি-নীতি সম্ভৱ নহয়। সেয়ে সোমবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত পৰিয়ালৰ লোকে মৃতদেহটো মৰ্গত ৰখাৰ সিদ্ধান্ত লয়। মৃতদেহটো এ কে জি হাস্পতালৰ মৰ্গত ৰখা হয়।

কিন্তু নিশা ১১.৩০ মান বজাত মৰ্গত সাৰ পাই উঠিল ব্যক্তিজন। লগে লগে হূলস্থুল লাগে চিকিৎসালয়খনত। পিছত তেওঁক চিকিৎসালয়ত আই চি ইউত ভৰ্তি কৰা হয়। ইয়াৰ পিছতে তেওঁৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট উন্নতি হয়।

কিন্তু এই ঘটনাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে চিকিৎসালয়খন। জীৱিত ব্যক্তিক চিকিৎসা অবিহনে কিদৰে মৃত বুলি ঘোষণা কৰিলে তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছে।

Related News