• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এম্বুলেঞ্চ চালকৰ মাজত মাৰপিট, এম্বুলেঞ্চৰ ভিতৰতেই মৃত্যু ৰোগীৰ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত এম্বুলেঞ্চ চালকৰ দৌৰাত্ম্য : বিনা চিকিৎসাৰে ৰোগীৰ মৃত্যু

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 26, 2018 6:44 am
IMG-20181126-WA0000

শিৱসাগৰ অসামৰিক চিকিৎসালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়। দুখন এম্বুলেঞ্চৰ চালকৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ বাবে এজন ৰোগীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়।

ঘটনা বিৱৰণী মতে, শিৱসাগৰ জিলাৰ গেলেকী আঠখেল অঞ্চলৰ ভানু তাঁতী নামৰ মহিলা গৰাকীৰ ৩০ বছৰীয়া পুত্ৰ ৰামু তাঁতী দেওবাৰে গেলেকীত হোৱা এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। তেওঁক লগে লগে গেলেকী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Apply Now

আবেলি ১ মান বজাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ অনাৰ পিছত চিকিৎসকে ৰামু তাঁতীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায়। চিকিৎসকৰ পৰামৰ্শ মতে পৰিয়ালে ৰামু তাঁতীক ডিব্ৰুগড়লৈ নিয়াৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা এম্বুলেঞ্চ ভান এখনৰ লগত কথা পাতে আৰু ২৫০০ টকাত দাম দৰ পাতে।

কিন্তু আহত ৰামু তাঁতীৰ আত্মীয় এজনৰ ককাঁলৰ বিষ থকাৰ  বাবে এম্বুলেঞ্চ ভানৰ পৰিৱৰ্তে সমীপতে থকা আন এখন এম্বুলেঞ্চ (উইংগাৰ) চালকৰ লগত কথা পাতে আৰু ২৩০০ টকাত চালক জনে ডিব্ৰুগড় মেডিকেল কলেজলৈ যাবলৈ মান্তি হয়।  লগে লগে ৰামু তাঁতীৰ পৰিয়ালে আহত তাঁতীক এম্বুলেঞ্চ খনত উঠাই দিয়ে।

ঠিক তেনে সময়তে আগতে কথা পতা এম্বুলেঞ্চ ভান খনৰ চালক জনে উইংগাৰ এম্বুলেঞ্চ খনক আগভেটি ধৰি চালক জনক নমাই আনি তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পাছত দুয়োজন চালকে প্ৰচণ্ড মাৰপিটত লিপ্ত হয়। ‘২৫০০ টকাত যাবলৈ মান্তি হোৱা ব্যক্তিক ২৩০০ টকাত কিয় নিবি’ বুলি প্ৰশ্ন কৰি প্ৰথম এম্বুলেঞ্চখনৰ চালক জনে দ্বিতীয় এম্বুলেঞ্চৰ চালক জনক মাৰপিট কৰাৰ লগতে ৰামু তাঁতীৰ পৰিয়ালক ভাবুকিও দিয়ে। ইমানতো ক্ষান্ত নাথাকি এম্বুলেঞ্চ ভান খনৰ চালক জনে এঘণ্টাৰো অধিক সময় ধৰি আহত ৰামু তাঁতী উঠি থকা এম্বুলেঞ্চ খন আৱদ্ধ কৰি ৰাখে। যাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত ৰামু তাঁতীয়ে এম্বুলেঞ্চখনৰ ভিতৰতেই প্ৰাণ হেৰুৱাব লগা হয়।

কেইটামান ভাড়াৰ টকাৰ বাবেই দুগৰাকী চালকৰ মাজত হোৱা খণ্ড যুদ্ধৰ বাবে গুৰুতৰভাৱে, আঘাত পোৱা এজন ৰোগীয়ে বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল’ব লগা হোৱাৰ ঘটনাত চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত ৰামু তাঁতীৰ মাতৃ ভানু তাঁতীয়ে জয়সাগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইপিনে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ আৰু দল সংগঠনে দোষীক কঠোৰ শাস্তি দিবলৈ আহ্বন জনোৱাৰ লগতে এই সকল এম্বুলেঞ্চ চালকক নাকী লগাবলৈ জিলা প্ৰশাসনক অনুৰোধ জনাইছে যাতে ভৱিষ্যতে এনে উদণ্ড চালকৰ কাৰণে বিনা চিকিৎসাই কোনো ৰোগীয়ে মৃত্যৰ মুখত পৰিবলগীয়া নহয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd