• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৮৯১ৰ ব্ৰিটিছ-মণিপুৰৰ যুদ্ধৰ সোঁৱৰণত মণিপুৰৰ বিভিন্ন স্থানৰ লগতে ইম্ফলতো দেশপ্ৰেমিক দিৱস পালন

সভাপতি ছামম by সভাপতি ছামম
August 13, 2018 9:32 pm
DSC_2665 (1)
173
VIEWS
Share on FacebookShare on Twitter

১৮৯১ৰ ব্ৰিটিছ-মণিপুৰৰ যুদ্ধত প্ৰাণ আহুতি দিয়া সকলৰ সোঁৱৰণত আজি মণিপুৰৰ বিভিন্ন স্থানৰ লগতে ইম্ফলতো দেশপ্ৰেমিক দিৱস পালন কৰা হৈছে। ১৮৯১ চনৰ ১৩ আগষ্টত ইংৰাজে ৰাজকুমাৰ টিকেন্দ্ৰজিৎ আৰু থাংগল জেনেৰেলক ৰাজহুৱাভাৱে ফাঁচী দিয়া স্থানত নিৰ্মিত ইম্ফলৰ বীৰ টিকেন্দ্ৰজিৎ পাৰ্কত আজি মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লা আৰু মুখ্য মন্ত্ৰী নংথমবাম বীৰেন সিং উপস্থিত থাকে।

এই উদ্যানৰ প্ৰধান কাৰ্যসূচী আৰম্ভ হয় চহিদ মিনাৰত মাল্যাৰ্পণেৰে। মণিপুৰৰ ৰাজ্যপালে চহিদসকললৈ মাল্যাৰ্পণৰে সন্মান জ্ঞাপন কৰে। অসম ৰাইফলছৰ এটা গোটে গাৰ্ড অব অনাৰ আৰু চেলিউট দি চহিদসকলৰ প্ৰতি সন্মান জনাই দুই মিনিট সময় মৌনতা পালন কৰে। ৰাজ্যপালগৰাকীয়ে সকলো সম্প্ৰদায়কে পৰস্পৰৰ প্ৰতি হিংসা পৰিহাৰ কৰি এটা পাৰস্পৰিক বুজাপৰাৰ ভাৱ আনিবলৈ আহ্বান জনায়।

ভাষণত মণিপুৰৰ মুখ্য ন্ত্ৰী বীৰেন সিঙে কয় যে চৰকাৰে ৰাইজৰ পক্ষত ঠিয় হৈ যিকোনো মূল্যৰ বিনিময়তে দেশৰ ভৌগলিক অখণ্ডতা আৰু ঐক্য ৰক্ষা কৰিব। তেওঁ আৰু কয় এ মণিপুৰ বিশ্ববিদ্যায়লৰ বিবাদমান পৰিস্থিতি অহা ৩-৪ দিনত নিষ্পত্তি কৰা হ’ব।

তেওঁ আৰু কয় যে শ্ৰদ্ধাৰ চিন স্বৰূপে ৰাজ্যিক কেবিনেটে জেএনআইএমএছ ৰ’ডক পুখৰামবাম কাজাও ৰ’ড আৰু লামফেলৰ পৰা শ্বিজা হস্পিটেল পথচোৱাক চিৰাই নাগা ৰ’ড হিচাপে নামকৰণ কৰা হ’ব।

ইয়াৰ আগদিনা পুৱা কেবিনেট মন্ত্ৰী, বিধায়কসকল আৰু শীৰ্ষস্থানীয় আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰী নংথমবাম বীৰেন সিঙে টিকেন্দ্ৰজিতৰ সমাধিস্থল হিচাম য়াইচাম্পাট, মইৰানখমত ফুলৰ থোপাৰে সন্মান জনায়।

ভাৰতীয় জনতা পাৰ্টী, মণিপুৰ প্ৰদেশ, মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটী, মণিপুৰৰ প্ৰচীনতম ৰাজনৈতিক দলসমূহৰ এটা মণিপুৰ পীপ্‌লছ পাৰ্টী আদিয়ে ইম্ফলত থকা নিজৰ নিজৰ কাৰ্যালয়সমূহত দেশপ্ৰেমিক দিৱস পালন কৰে।

মায়াংখাঙৰ পাৰিপাৰ্শিক উদ্যানতো দেশপ্ৰেমিক দিৱস পালন কৰা হয়। বিষ্ণুপুৰ, চান্দেল, কাংপকপি, থৌবাল আদি জিলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই নিজৰ নিজৰ এলেকসমূহত মাল্যাৰ্পণ কৰি এই ঐতিহাসিক দিনটো পালন কৰে।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd