জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?

আৰক্ষীয়ে কোৱা মতে জেইলত আফতাবৰ আচৰণ অতি শান্ত যদিও আফতাবৰ আচৰণ সন্দেহজনকো।  কাৰাগাৰৰ ভিতৰত শান্ত সমাহিত ভাবে থকা আফতাবে কাৰোৰে লগত বেছি কথা নাপাতে। কাৰোৰে লগত মিলি নাযায়। আাফতাব কাৰাগাৰত ইমান আৰামত শুই থাকে যেন এই ভুলৰ বাবে তাৰ কোনো অনুশোচনাই নাই

নিজৰ প্ৰেমিকাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আফতাব আমিন পুনাৱালাৰক কাৰাগাৰাত দিয়া হৈছে বিশেষ সুবিধা।

উল্লেখ্য যে বিগত মাহত শ্ৰদ্ধা ৱালক নামৰ যুৱতীগৰাকীক পৈশাচিকভাবে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈছিল আফতাবে। সমগ্ৰ দেশ কঁপাই গৈছিল এই ভয়ানক হত্যাকাণ্ডই। সংবাদ মাধ্যমতো ব্যাপকভাবে চৰ্চা লাভ কৰিছিল শ্ৰদ্ধা হত্যাকাণ্ডই। এই অপৰাধৰ দোষত বৰ্তমান তিহাৰ জেলত বন্দী কৰি ৰখা হৈছে আফতাব আমিনক।

জেইল কৰ্তৃপক্ষই জনোৱা মতে যোৱা শনিবাৰে এখন ইংৰাজী উপন্যাসৰ বাবে জেইল কৰ্তৃপক্ষক আবেদন জনাইছিল আফতাবে। আফতাবৰ অনুৰোধ ৰক্ষা কৰি জেইল কৰ্তৃপক্ষই এখন ইংৰাজী উপন্যাস যোগান ধৰিছিল আফতাবক।

জেইল কৰ্তৃপক্ষই কি উপন্যাস যোগান ধৰিছিল আফতাবক?

বিশিষ্ট আামেৰিকান ঔপন্যাসিক পল থেৰ’ৰ ভ্ৰমণকাহিনীমূলক ‘দ্য গ্ৰেট ৰেলৱে বাজাৰ: বাই ট্ৰেইন থ্ৰু এছিয়া’ নামৰ উপন্যাস খন যোগান ধৰিছিল কাৰাগাৰ কৰ্তৃপক্ষই।

কাৰাগাৰ কৰ্তৃপক্ষই আাফতাবক এই গ্ৰন্থখন দিছিল কাৰণ এইখন অপৰাধৰ ওপৰত ভিত্তি কৰি লিখা হোৱা নাই আৰু ইয়াত এনে বিষয়বস্তু নাই যাৰ ফলত তেওঁ আনৰ বা নিজৰ ক্ষতি কৰিব পাৰে।

কাৰাগাৰত কি কৰি থাকে আফতাবে?

আৰক্ষীৰ মতে, জেলত বেছিভাগ সময়তে আফতাবে দবা খেলে। দবা খেলত অতি পাকৈত হত্যাকাৰী আফতাব। খুবেই পৰিকল্পিত আৰু শান্ত মগজুৰে দবা খেল খেলে আফতাবে। জেলৰ সূত্ৰই জনোৱা মতে, তেওঁৰ এই কাৰ্য্যৰ পৰা এনে লাগে যে শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডও তেওঁৰ দবাৰ কৌশলৰ দৰে গভীৰ ষড়যন্ত্ৰৰ অংশ আছিল।

দবা খেলাৰ বাবে দুজন কয়দীৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছে আফতাবৰ। সেই বিশেষ কয়দী দুজনৰ লগতে প্ৰায়েই দবা খেলি সময় কটায় আফতাবে। চুৰিৰ গোচৰত আণ্ডাৰ ট্ৰায়েলত আছে উক্ত দুই কয়দী। ইয়াৰ উপৰিও ইতিমধ্যে কাৰাগাৰত কিতাপ পঢ়াত ব্যস্ত হৈ পৰিছে দুৰ্ধষ হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ।

জেইলত কেনে আচৰণ আফতাবৰ?

জেইল কৰ্তৃপক্ষই জনোৱা মতে আফতাব অতি ধূৰ্ত। প্ৰতিটো কামেই আফতাবে সুপৰিকল্পিত ভাবে কৰে। প্ৰথমে মুম্বাই আৰক্ষীক কিছু দূৰ বিপথে পৰিচালনা কৰিবলৈ সক্ষম হৈ ধূৰ্ত আফতাব। কিন্তু গোচৰটো দিল্লী আৰক্ষীৰ অধীনলৈ অহাৰ লগে লগে সকলো কথা সৈ কাঢ়ি আৰক্ষীক পূৰ্ণ সহযোগ কৰিছিল আফতাবে। আৰক্ষীয়ে কোৱা মতে জেইলত আফতাবৰ আচৰণ অতি শান্ত যদিও আফতাবৰ আচৰণ সন্দেহজনকো।  কাৰাগাৰৰ ভিতৰত শান্ত সমাহিত ভাবে থকা আফতাবে কাৰোৰে লগত বেছি কথা নাপাতে। কাৰোৰে লগত মিলি নাযায়। আাফতাব কাৰাগাৰত ইমান আৰামত শুই থাকে যেন এই ভুলৰ বাবে তাৰ কোনো অনুশোচনাই নাই।