ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত হ’ব পৰা নাই আৰ্জেণ্টাইন ফুটবলাৰ পাওলো ডিবালা। তেওঁৰ দেহত যোৱা ছয় সপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ ৰিপ’ৰ্ট পজিটিভ আহিছে বুলি এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে।
অহা ৪ মে’ৰ পৰা ব্যক্তিগতভাৱে প্ৰশিক্ষণ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰা পিছতে ইটালীৰ সৰ্বশ্ৰেষ্ঠ ফুটবল ক্লাব জুভেণ্টাছৰ বাবে এই বেয়া খবৰটো আহিছে।
‘স্পেনিছ প্ৰগ্ৰাম আই চিৰাংগুইটোৱে কৈছে যে যোৱা ছয় সপ্তাহত কৰা চাৰিটা পৰীক্ষাৰ দৰে শেহতীয়া পৰীক্ষাটোতো ডিবালাৰ দেহত ক’ৰ’না পজিটিভ পোৱা গৈছে’, দ্যা ছান এই কথা প্ৰকাশ কৰে।
জুভেণ্টাছৰ হৈ চুক্তিবদ্ধ হৈ থকা ডিবালাই যোৱা মাৰ্চ মাহত ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ আ্ৰু তেওঁৰ প্ৰেয়সী ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছিল।
উল্লেখ্য যে, বিগত এটা মাহৰ পৰা ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছিল ইটালীত। দেশখনৰ ২ লাখৰো অধিক লোক ইয়াৰ কৱলত পৰাৰ বিপৰীতে ২৭ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
ইফালে ইটালীৰ ক্ৰীড়া মন্ত্ৰীয়ে কয়, ‘আমি বৰ্তমান এপ্ৰিলৰ শেষভাগত উপনীত হৈছো। এই ভাইৰাছবিধৰ সংহাৰ কেতিয়া শেষ হ’ব আৰু কেতিয়া ছিজনৰ পুনৰাম্ভনি কৰিব পৰা যাব আমি সেই বিষয়ে এতিয়াও নাজানো’।