“ধন দিয়ক, নহ’লে ছেক্স ভিডিঅ’ ৰাজহুৱা কৰিম”, ভাবুকিৰে ধন ঘটি আৰক্ষীৰ জালত যুৱক

প্ৰথমতে ফেচবুকত ধুনীয়া ছোৱালীৰ বন্ধুত্বৰ প্ৰস্তাৱ আহে। এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতে মেচেঞ্জাৰত মেচেজ আহে। তাৰ পাছত মেচেঞ্জাৰত হোৱাটছএপ নম্বৰ বিচাৰিব। তাৰ পাছত ভিডিঅকল আহিব আৰু যুৱতীগৰাকীয়ে অনলাইন যৌনতাৰ প্ৰস্তাৱ দিব। ইয়াত সন্মিত দিয়াৰ লগে লগে ভিডিঅকলটো স্ক্ৰীণ ৰেকৰ্ডিং কৰি ৰাখিব। আৰু তাৰ পাছতে ফোন কৰি আপোনাক ক’ব ধন দিয়ক নহলে এই ভিডিঅ ভাইৰেল কৰা হব।

এনেদৰে বিভিন্ন লোকৰ পৰা ধন লুটি নিয়াৰ বিভিন্ন অভিযোগ উত্থাপন কৰিছে বিভিন্ন লোকে। এনে অভিযোগৰ মাজতে এনে এক কাণ্ডৰ এজন মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত পৰিছে।

দিল্লী আৰক্ষীয়ে হাৰিয়ানাৰ মেৱাটৰ পৰা গ্ৰেপ্তাৰ কৰিছে মহেন্দ্ৰ সিং নামৰ এই মাষ্টাৰ মাইণ্ডজনক। আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোকজনে হাৰিয়ানাৰ মেৱাটৰ পৰাই এই ব্লেকমেইলৰ অভিযান চলাই আহিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দিল্লীৰ এজন ভুক্তভোগী লোকে আৰক্ষীৰ কাষ চাপে। লোকজনলৈ প্ৰথমে এগৰাকী মহিলাৰ ফোন আহে। আৰু মহিলাগৰাকীয়ে লোকজনক অন্তৰংগ ভিডিঅকল কৰিবলৈ সন্মত কৰোৱায়।

ইয়াৰ পাছতে ভুক্তভোগী লোকজনৰ ভিডিঅটো ভাইৰেল কৰাৰ বাবদ ধন দাবী কৰিবলৈ ধৰে। ভিডিঅটো ডিলিট কৰাৰ বাবদ মহেন্দ্ৰ সিঙে ভুক্তভোগী লোকজনৰ পৰা ৯ লাখ টকা দাবী কৰিছিল।

লোকজনে এই ধন দিয়াৰ পাছতো পুনৰ ধন দাবী কৰাৰ ফোন আহিবলৈ ধৰে। এইবাৰ ১৫ লাখ টকা দাবী কৰা হয়। লগতে ভাবুকি দিয়া হয় যদি তেওঁক ধনখিনি আদায় নিদিয়ে তেনে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰিব।

আৰক্ষীৰ মতে, ভুক্তভোগীজনে ভীতিগ্ৰস্ত হৈ এই কথাটো কোনো লোককে কব পৰা নাছিল। ভয়-শংকা আৰু লজ্জাত মানসিকভাৱে ভগ্নপ্ৰায় লোকজনে অৱশেষত তেওঁৰ এজন বন্ধুক ঘটনাটো বিৱৰি কয়। বন্ধুজনে তেওঁক আৰক্ষীৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে।

আৰক্ষীৰ কাষ চপাৰ লগে লগে দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অৱশেষত আৰক্ষীয়ে ব্লেকমেইলিঙৰ মাষ্টাৰ মাইণ্ড মহেন্দ্ৰ সিঙক হাৰিয়ানাৰ মেৱাটত সন্ধান লাভ কৰি গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে মহেন্দ্ৰৰ পৰা এটা চুইপ মেচিন, ভাৰতপে, পেন ড্ৰাইভ, ১৬ জিবি মেমৰী কাৰ্ড আৰু আইফোন উদ্ধাৰ কৰি জব্দ কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে মহেন্দ্ৰই কেবা বছৰ ধৰি এই কাম কৰি আহিছিল আৰু এনেদৰে ব্লেকমেইল কৰা আন কেইবাজনো ভুক্তভোগীও আছিল।