• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হঠাৎ ছন্দ পতন পঞ্জাৱ কিংছৰ, ৰোমাঞ্চকৰ জয়েৰে অভিযান আৰম্ভ ৰাজস্থান ৰয়েলছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2021 7:01 am
IPL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইত অনুষ্ঠিত হোৱা IPL ৰ দ্বিতীয় পৰ্বত ৰোমাঞ্চকৰ জয়েৰে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে।

আনহাতে জয়ৰ প্ৰায় দুৱাৰদলিত উপস্থিত হৈও পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল পঞ্জাৱ কিংছে।

IPL ৰ দ্বিতীয় পৰ্বৰ তৃতীয় খন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছক ২ ৰানত পৰাস্ত কৰে।

Apply Now

শ্বাসৰুদ্ধকৰ খেলখনত পোনতে বেটিং কৰি ৰাজস্থান ৰয়েলছে য়স্বভী জয়ছোৱালৰ ৪৯ ৰান আৰু মহিপাল ল’মৰ’ৰ ৪৩ ৰানৰ সহায়ত ১৮৫ ৰানৰ স্ক’ৰ থিয় কৰে। দললৈ এভিন লুইছে ৩৬ আৰু লিভিংষ্টনে ২৫ ৰানৰ মূল্যৱান বৰঙণি আগবঢ়ায়। পঞ্জাৱ কিংছৰ অৰ্শদ্বীপ সিঙে ৩২ ৰানৰ বিনিময়ত ৫ টা উইকেট আৰু দেশৰ আগশাৰীৰ বেগী বলাৰ মহম্মদ সামীয়ে ২১ ৰানৰ বিনিময়ত ৩ টা উইকেট দখল কৰে।

আনহাতে ১৮৬ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা পঞ্জাৱ কিংছৰ আৰম্ভণি আছিল যথেষ্ট সফল। কে এল ৰাহুল আৰু মায়াংক আগৰৱালে প্ৰথম উইকেটৰ যুটিত মাত্ৰ ১১.৫ অভাৰত ১২০ ৰান সংগ্ৰহ কৰি এক সফল আৰম্ভণি দিয়ে। চেতন চাকাৰিয়াৰ বলত কে এল ৰাহুলৰ (৪৯) ৰূপত প্ৰথমটো উইকেটৰ পতন ঘটিলেও দলৰ বিজয়ৰ প্ৰায় ভেঁটি গঢ়ি উঠিছিল পঞ্জাৱ কিংছৰ।

আনজন অপেনাৰ মায়াংক আগৰৱালে ৪৩ বলত ৬৭ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। নিকোলাছ পুৰাণে ৩২ ৰান আৰু এইডেন মাৰ্ক্ৰামে ২৬ ৰান সংগ্ৰহ কৰে।

উল্লেখ্য যে, পঞ্জাৱ কিংছক খেলখনত জয়ৰ বাবে অন্তিম দুই অভাৰত মাত্ৰ ৮ ৰানৰ প্ৰয়োজন হৈছিল। হাতত আছিল ৮ টাকৈ উইকেট। এনে অৱস্থাত পঞ্জাৱ কিংছে সহজেই খেলখনত জয় লাভ কৰিব বুলি অনুমান কৰা হৈছিল। কিন্তু হঠাতে যেন ছন্দ পতন ঘটে পঞ্জাৱ কিংছৰ !

ইনিংছৰ ১৯ সংখ্যক অভাৰত মুস্তাফিজুৰ ৰহমানৰ বলত পঞ্জাৱে ৪ ৰান সংগ্ৰহ কৰাৰ পাছত অন্তিম অভাৰত মাত্ৰ ৪ ৰানৰ প্ৰয়োজন আছিল দলটোক। কিন্তু উদীয়মান বেগী বলাৰ কাৰ্তিক ত্যাগীয়ে অন্তিম অভাৰটোত দুৰ্দ্দান্ত বলিঙেৰে ২ টা উইকেট দখল কৰি মাত্ৰ ১ ৰানহে খৰচ কৰে আৰু দলৰ বাবে দৰ্শনীয় বিজয় কঢ়িয়াই আনে।

এনে চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে কাৰ্তিক ত্যাগীয়ে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

এই জয়েৰে IPL ৰ পইন্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয় ৰাজস্থান ৰয়েলছ। পঞ্জাৱ কিংছ আছে তালিকাৰ সপ্তম স্থানত। আনহাতে শীৰ্ষ স্থান বাহাল আছে এম এছ ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছৰ।

আজি টুৰ্নামেণ্টৰ চতুৰ্থ খন খেলত দিল্লী কেপিটেলছ্ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদ মুখামুখি হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd