ডুবাইত অনুষ্ঠিত হোৱা IPL ৰ দ্বিতীয় পৰ্বত ৰোমাঞ্চকৰ জয়েৰে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে।
আনহাতে জয়ৰ প্ৰায় দুৱাৰদলিত উপস্থিত হৈও পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল পঞ্জাৱ কিংছে।
IPL ৰ দ্বিতীয় পৰ্বৰ তৃতীয় খন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছক ২ ৰানত পৰাস্ত কৰে।
শ্বাসৰুদ্ধকৰ খেলখনত পোনতে বেটিং কৰি ৰাজস্থান ৰয়েলছে য়স্বভী জয়ছোৱালৰ ৪৯ ৰান আৰু মহিপাল ল’মৰ’ৰ ৪৩ ৰানৰ সহায়ত ১৮৫ ৰানৰ স্ক’ৰ থিয় কৰে। দললৈ এভিন লুইছে ৩৬ আৰু লিভিংষ্টনে ২৫ ৰানৰ মূল্যৱান বৰঙণি আগবঢ়ায়। পঞ্জাৱ কিংছৰ অৰ্শদ্বীপ সিঙে ৩২ ৰানৰ বিনিময়ত ৫ টা উইকেট আৰু দেশৰ আগশাৰীৰ বেগী বলাৰ মহম্মদ সামীয়ে ২১ ৰানৰ বিনিময়ত ৩ টা উইকেট দখল কৰে।
আনহাতে ১৮৬ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা পঞ্জাৱ কিংছৰ আৰম্ভণি আছিল যথেষ্ট সফল। কে এল ৰাহুল আৰু মায়াংক আগৰৱালে প্ৰথম উইকেটৰ যুটিত মাত্ৰ ১১.৫ অভাৰত ১২০ ৰান সংগ্ৰহ কৰি এক সফল আৰম্ভণি দিয়ে। চেতন চাকাৰিয়াৰ বলত কে এল ৰাহুলৰ (৪৯) ৰূপত প্ৰথমটো উইকেটৰ পতন ঘটিলেও দলৰ বিজয়ৰ প্ৰায় ভেঁটি গঢ়ি উঠিছিল পঞ্জাৱ কিংছৰ।
আনজন অপেনাৰ মায়াংক আগৰৱালে ৪৩ বলত ৬৭ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে। নিকোলাছ পুৰাণে ৩২ ৰান আৰু এইডেন মাৰ্ক্ৰামে ২৬ ৰান সংগ্ৰহ কৰে।
উল্লেখ্য যে, পঞ্জাৱ কিংছক খেলখনত জয়ৰ বাবে অন্তিম দুই অভাৰত মাত্ৰ ৮ ৰানৰ প্ৰয়োজন হৈছিল। হাতত আছিল ৮ টাকৈ উইকেট। এনে অৱস্থাত পঞ্জাৱ কিংছে সহজেই খেলখনত জয় লাভ কৰিব বুলি অনুমান কৰা হৈছিল। কিন্তু হঠাতে যেন ছন্দ পতন ঘটে পঞ্জাৱ কিংছৰ !
ইনিংছৰ ১৯ সংখ্যক অভাৰত মুস্তাফিজুৰ ৰহমানৰ বলত পঞ্জাৱে ৪ ৰান সংগ্ৰহ কৰাৰ পাছত অন্তিম অভাৰত মাত্ৰ ৪ ৰানৰ প্ৰয়োজন আছিল দলটোক। কিন্তু উদীয়মান বেগী বলাৰ কাৰ্তিক ত্যাগীয়ে অন্তিম অভাৰটোত দুৰ্দ্দান্ত বলিঙেৰে ২ টা উইকেট দখল কৰি মাত্ৰ ১ ৰানহে খৰচ কৰে আৰু দলৰ বাবে দৰ্শনীয় বিজয় কঢ়িয়াই আনে।
এনে চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে কাৰ্তিক ত্যাগীয়ে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
এই জয়েৰে IPL ৰ পইন্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয় ৰাজস্থান ৰয়েলছ। পঞ্জাৱ কিংছ আছে তালিকাৰ সপ্তম স্থানত। আনহাতে শীৰ্ষ স্থান বাহাল আছে এম এছ ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছৰ।
আজি টুৰ্নামেণ্টৰ চতুৰ্থ খন খেলত দিল্লী কেপিটেলছ্ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদ মুখামুখি হ’ব।