PBKS defeat KKR: দল নিৰ্বাচনত খুঁত, দুৰ্বল ফিল্ডিং তথা কিছু ক্ৰিকেটৰ অনিশ্চয়তাৰ পৰিভাষাৰ মাজেৰে ভাল খেলিও পঞ্জাৱ কিংছৰ বিৰুদ্ধে কঠিন মেচত মুখ থেকেচা খালে কলকাতা নাইট ৰাইডাৰ্ছে।
কলকাতাক ৫উইকেটত পৰাজিত কৰে পঞ্জাৱ কিংছে। এই দুৰ্ভাগ্যজনক পৰাজয়ৰ বাবে এতিয়া কেকেআৰৰ প্লে-অফৰ যুঁজখন আৰু কঠিন হৈ পৰিল।
বেটিঙত ফৰ্ম নথকাৰ লগতে কেচ মিছ কৰি অধিনায়ক ইয়ান মৰ্গান কেকেআৰ অনুৰাগীৰ দ্বাৰা সমালোচিত হৈছে।
ইপিনে টছত হাৰি প্ৰথম বেটিং কৰিবলগীয়া হোৱা কেকেআৰে আৰম্ভণিতে উজুটি খায়। অপেনাৰ শুভমন গীল ৭ৰাণতে আউট হৈ যায়।
কলকাতাৰ নতুন তাৰকা ভেংকটেশ আয়াৰে পুনৰ এক দুৰ্দান্ত ইনিংছ উপহাৰ দিয়ে। আয়াৰৰ মাত্ৰ ৪৯টা বলত কৰা ৬৭ৰাণৰ ইনিংছটোৰ যহতে কলকাতাই ১৬৬ৰাণৰ এক সন্মানজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়।
ৰাহুল ত্ৰিপাঠী আৰু নীতিশ ৰানায়ো ভাল ইনিংছ উপহাৰ দিয়ে যদিও কেকেআৰৰ অন্তিম দুটা অভাৰত আশা কৰা মতে ৰাণ নহ’ল।
আৰু পঢ়ক: UGC-NET Exams 2021: পিছুৱালে ইউজিচি-নেট; পূজাৰ পিছতহে অনুষ্ঠিত হ’ব পৰীক্ষা
প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি সুন্দৰ আৰম্ভণি কৰে পঞ্জাৱ কিংছে। লোকেশ ৰাহুল আৰু মায়ংক আগৰৱালে প্ৰথম উইকেটৰ যুটীত ৭০ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ পাছতে দুটাকৈ উইকেট লৈ বৰুণ চক্ৰৱৰ্তীয়ে মেচখন কলকাতাৰ হাতলৈ আনে। মাভি আৰু নাৰিনেও ভাল বলিং কৰে।
কিন্তু অৱশেষত শ্বাহৰুখ খান আৰু লোকেশ ৰাহুলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ আগত পঞ্জাৱৰ বিজয় ৰোধ কৰাটো কলকাতাৰ বাবে সম্ভৱ নহ’ল।
এই পৰাজয়ৰ পাছত কলকাতাৰ বাবে প্লে-অফৰ যাত্ৰা কঠিন হৈ পৰিল। ১২ খন মেচত ১০পইন্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত থকা কেকেআৰে অন্তিম দুখন মেচত বিজয় সাৱ্যস্ত কৰিবই লাগিব।
সেয়াই নহয়, ইয়াৰ লগতে আন দলৰ ফলাফলৰ ওপৰতো নিৰ্ভৰ কৰিব কেকেআৰৰ ভাগ্য। কিন্তু এই বিজয়ৰ জৰিয়তে প্লে-অফৰ দৌৰত আগবাঢ়িল পঞ্জাৱ কিংছ।
সংক্ষিপ্ত স্ক’ৰ:
কলকাতা নাইট ৰাইডাৰ্ছ: ১৬৫-৭ (ভেংকটেশ আয়াৰ ৬৭, ৰাহুল ত্রিপাঠী ৩৪)
পঞ্জাব কিংছ: ১৬৮-৫ (লোকেশ ৰাহুল ৬৭, মায়ংক আগৰৱাল ৪০)
পঞ্জাব কিংছ ৫ উইকেটে বিজয়ী।