NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণত ৭০.৭৮ শতাংশ ভোটদান

April 24, 2019 9:16 pm · এন ই নাও নিউজ
কাৰ্বি আংলঙত অনুষ্ঠিত পুনৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটাৰৰ দীঘল শাৰী

স্বায়ত্ত শাসিত জিলা লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ ১৩৬নং উজনি দিলাজী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত বুধবাৰে সফলতাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। ৰাজ্যত ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত ভিভিপেট যন্ত্ৰৰ বিসংগতিৰ বাবে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয়।

কেন্দ্ৰটোৰ ৬৮৮ গৰাকী ভোটাৰৰ ভিতৰত ৪৮৭ গৰাকী ভোটাৰে পুনৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰে। কেন্দ্ৰটোত ভোটদানৰ হাৰ ৭০.৭৮ শতাংশ।

স্বায়ত্ত শাসিত জিলা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া হিচাপে দায়িত্বত থকা কাৰ্বি আংলঙৰ উপায়ুক্তগৰাকীয়ে ২২ এপ্ৰিলত ভিভিপেট যন্ত্ৰত থকা বিসংগতিৰ বাবে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ ঘোষণা কৰিছিল।

বুধবাৰে নিয়ম অনুসৰি ৰাতিপুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

প্ৰিজাইডিং বিষয়া প্ৰবীণ বসুমতাৰীয়ে ভোটগ্ৰহণ কেন্দ্ৰটোত সম্পুৰ্ণ শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় বুলি উল্লেখ কৰে। ভোটগ্ৰহণৰ অন্তত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী এজেণ্ট সকলৰ সন্মুখত ইভিএম মেচিন চীল কৰা হয়।

নিৰ্বাচনী বিষয়াসকলে পাছত কটকতীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ইভিএম মেচিন সমূহ ডিফুত থকা ষ্ট্ৰং ৰূমলৈ লৈ যায়।

আনহাতে, কাৰ্বি আংলঙৰ উপৰিও কৰিমগঞ্জ লোকসভা সমষ্টিৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাবে বুধবাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়।

Related News