অৰুণাচলৰ পূব কামেং জিলাৰ ৰাইজৰ মাজত বিপুলভাৱে সমাদৃত ‘পহলী সৱাৰী’ আঁচনি

Pehli Sawari

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰসাসনে যুটীয়াভাৱে আৰম্ভ কৰা ‘পহলী সৱাৰী’ আঁচনিখনক ৰাজ্যখনৰ  পশ্চিম কামেং জিলাৰ বাসিন্দাসকলে আদৰি লৈছে আৰু তেওঁলোকে ইয়াৰ সুবিধা গ্ৰহণ কৰিছে।

এই আঁচনি প্ৰৱৰ্তনৰ উদ্দেশ্য হৈছে শিশু সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত ‘পহলী সৱাৰী’ আঁচনিৰ লক্ষ্য হৈছে প্ৰতিষ্ঠানিক প্ৰসৱৰ ব্যৱস্থা কৰা। উপায়ুক্ত গৌৰৱ সিং ৰাজাৱাটে এই আঁচনিখনক ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। এই আঁচনিখনৰ জৰিয়তে চৰকাৰী স্বাস্থ্যকেন্দ্ৰত সন্তান জন্ম দিয়াৰ বাবে গৰ্ভৱতী মহিলাসকলক বিনামূলীয়াকৈ ঘৰৰ পৰা চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ অনা আৰু সন্তান জন্মৰ পাছত নৱজাতকসহ মাতৃসকলক স্বাস্থ্যকেন্দ্ৰৰ পৰা ঘৰলৈ লৈ যোৱাৰ সুবিধা প্ৰদান কৰা হৈছে।

এই আঁচনিখনৰ অন্তৰ্গত সেৱাৰ বাবে আছুতীয়া বাহনো যোগান ধৰা হৈছে। নতুন মাতৃসকলৰ সেৱাৰ বাবে বাবে প্ৰৱৰ্তন কৰা এই আঁচনিখন সেৱাৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম আৰু দেশৰ ভিতৰত দ্বিতীয়খন এনেধৰণৰ আঁচনি।

৭২ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি পূব কামেং জিলাত ‘পহলী সৱাৰী’ আঁচনিখনৰ উদ্বোধন কৰিছিল স্থানীয় বিধায়ক টাপুক টাপুৱে।

উল্লেখ্য যে ভাৰতত বছৰি প্ৰায় ৬৭,০০০গৰাকী মহিলাৰ গৰ্ভাৱস্থা সম্বন্ধীয় জটিলতাত ভুগি মৃত্যু হয় আৰু আৰু প্ৰায় ১৩ লাখ শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু ঘটে। ৯ লাখ শিশুৰ জন্মৰ ৪ সপ্তাহৰ ভিতৰতে মৃত্যু ঘটে আৰু প্ৰায় ৭ লাখ শিশুৰ মৃত্যু ঘটে জন্মৰ প্ৰথম সপ্তাহত।

প্ৰতিটো শিসুৰ বাবে জন্মৰ পৰা ২৮ দিন অতি গুৰুত্বপূৰ্ণ সময়। গাঁঠিৰ ধন খৰছ নকৰাকৈ সময়োপযোগী স্বাস্থ্য সেৱা সুবিধা যোগান নিশ্চিত কৰি মাতৃ আৰু শিশুৰ মৃত্যু হ্ৰাস নিশ্চিত কৰিব পাৰি।