• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে পেমা খাণ্ডুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2024 12:45 pm
তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে।

তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে।

2.7k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ইটানগৰৰ ডি কে ষ্টেট কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত পেমা খাণ্ডুৱে একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ চাওনা মেইয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল কে টি পাৰনাইকে শপত গ্ৰহণ কৰোৱায়।

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, কিৰেন ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আন এঘাৰজন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে।

নতুন মন্ত্ৰীসভাৰ বাবে শপত লোৱা আন দহজন মন্ত্ৰী হ’ল— বিয়ুৰাম ৱাহগে, ন্যাটো ডুকাম, গেব্ৰিয়েল ডেনৱাং ৱাংছু, ৱাংকি লোৱাং, পাছাং দৰ্জী সোনা, মামা নাটুং, দাসংলু পুল, বালো ৰাজা, কেণ্টো জিনি, আৰু ওজিং টাছিং।

বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাত তেওঁৱেই অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাট মুকলি হয়।

লগতে পঢ়কঃ নীট পৰীক্ষাত দিয়া গ্ৰেচ নম্বৰ বাতিল! পৰীক্ষাৰ্থীসকলক দিয়া হ’ব পুনৰ পৰীক্ষা দিয়াৰ সুযোগ

ইয়াৰ পিছতে অৰুণাচল প্ৰদেশৰ গৱৰ্ণৰ লেফটেনেণ্ট জেনেৰেল কে টি পাৰনাইকে (অৱসৰপ্ৰাপ্ত) খাণ্ডুক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়।

খণ্ডুৱে প্ৰথমে ২০১৬ চনত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।মুঠ ৬০খন আসনৰ ভিতৰত ৪১খন আসন লাভ কৰি গেৰুৱা দলে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ২০১৯ চনৰ ২৯ মে’ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

লোকসভা নিৰ্বাচনৰ লগতে সদ্য সমাপ্ত অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত  ৬০খন আসনৰ ভিতৰত ৪৬খন আসনত বিজেপিয়ে জয়লাভ কৰে। ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে ১০খন আসন লাভ কৰিছিল দলটোৱে।

কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ মিত্ৰদল এন পি পিয়ে ৫খন আসনেৰে দ্বিতীয় স্থান লাভ কৰে, এন চি পিয়ে ৩খন আসন, পি পি এয়ে দুখন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰে। বাকী তিনিখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰে।

লগতে পঢ়কঃ ৩০০ কোটি টকাৰ সম্পত্তিৰ বাবে শহুৰেকক হত্যা বোৱাৰীয়েকৰ! হিট এণ্ড ৰাণ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা

শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে খাণ্ডুৱে এক্সত এটা পোষ্টত কয়, “আমি জনজাতিকে ধৰি সকলো নাগৰিককে লগত লৈ সকলো অঞ্চলৰ সমৃদ্ধিৰে আমাৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

তেওঁ লগতে কয়, “ৰাইজৰ সহযোগত আমি আত্মনিৰ্ভৰ অৰুণাচল প্ৰদেশক এনে এক বাস্তৱত পৰিণত কৰিবলৈ আৰু অধিক আত্মনিয়োগ কৰিম যিয়ে বিকশিত ভাৰত নিৰ্মাণত সৰ্বাত্মক অৰিহণা যোগাব।” 

Recent News

মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে

মতাদৰ্শৰ বাবে কাৰোবাক জেলত ভৰাব নোৱাৰি: কেৰালাৰ আৰ এছ এছ নেতাৰ হত্যাৰ অভিযুক্তক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ে

গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল

গ্ল’বেল ফৰেষ্ট ৱাট্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্যঃ ২০২৪ চনত ভাৰতে হেৰুৱালে ১৮,২০০ হেক্টৰৰ বনাঞ্চল

৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?

৮ ডিচেম্বৰত অসমত সংগীতানুষ্ঠানৰ বাবে আহিবলগীয়া প’ষ্ট মেল’ন কোন? কিমান টকা ল’ব মাৰ্কিন সংগীতজ্ঞজনে?

মণিপুৰত এনইউজিৰ কেডাৰৰ হত্যাৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী মায়ানমাৰৰ

মণিপুৰত এনইউজিৰ কেডাৰৰ হত্যাৰ তদন্ত আৰু ক্ষতিপূৰণৰ দাবী মায়ানমাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd