বিজেপিয়ে নাগৰিকত্ব (সংশোধন) আইনখনৰ সমৰ্থনত Missed Call দিবলৈ আহ্বান জনাই থকাৰ সময়তে বিতৰ্কিত আইনখনৰ বিৰোধ প্ৰকাশ কৰিবলৈও Missed Call দিবলৈ আহ্বান জনাই নম্বৰ দিয়া হৈছে।
ছ’চিয়েল মিডিয়া টুইটাৰত আইনখনৰ বিৰোধ প্ৰকাশ কৰিবলৈ আহ্বান জনাই এটা নম্বৰ দিয়া হৈছে। এই আহ্বান জনাই সৃষ্টি কৰা #99535_88585_AgainstCAA হেছটেগটো ভাৰতীয় ট্ৰেণ্ডৰ যথেষ্ট ওপৰৰ ফালে দেখা গৈছে।
এই সম্পৰ্কীয় মূল পোষ্টটোত CAA-ৰ উপৰি NRC, NPR-ৰ বিৰোধিতাৰ বাবেও এই মিছড কল দিবলৈ কোৱা হৈছে।
উল্লেখ কৰিব পাৰি যে বিজেপিৰ কেন্দ্ৰীয়, ৰাজ্যিক নেতাসকলে বেছি সংখ্যক লোকেই CAA-ৰ পক্ষত আছে বুলি কোৱাৰ পিছতো বিতৰ্কিত আইনখনৰ পক্ষে সমৰ্থন গোটাবলৈ মিছড কল অভিযান চলাইছে।
পূৰ্বে দলটোৱে Missed Call-ৰ জৰিয়তে সদস্যভৰ্তি অভিযানো চলাইছিল।
অসমত দলটোৱে CAA-ৰ সমৰ্থনত ঐক্য সমদল নামেৰে একাধিক কাৰ্য্যসূচী লৈছে যদিও বৃহৎ সংখ্যক নিৰাপত্তা কৰ্মী লগত লৈহে এই সমদল কৰিবলৈ সক্ষম হৈছে।
আনহাতে গোটেই দেশজুৰি CAA-ৰ বিৰোধিতা বিভিন্ন স্তৰত, বিভিন্ন ৰূপত অব্যাহত আছে।