NORTHEAST NOW (Assamese)

তাজৱ! প্ৰধানমন্ত্ৰী মোডীৰ শৈক্ষিক অহৰ্তাৰ তথ্য বিচাৰি ন্যায়ালয়ৰ দ্বাৰা দণ্ডিত কেজৰিৱাল

April 1, 2023 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 1, 2023 7:50 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অহৰ্তাৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মুখ্যমন্ত্ৰী কেজৰিৱালে শনিবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈক্ষিক অৰ্হতাৰ বিষয়ে জনাৰ অধিকাৰ থকা লোকসকল গুজৰাট উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত ‘হতভম্ব’ হৈছে।

উল্লেখ্য যে শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তথ্য আয়োগৰ ২০১৬ চনৰ এক নিৰ্দেশ বাতিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। ২০১৬ চনত গুজৰাট বিশ্ববিদ্যালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক ডিগ্ৰী সম্পৰ্কীয় তথ্য বিচাৰি আবেদন কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত প্ৰধানমন্ত্ৰী মোদীৰ শৈক্ষিক অহৰ্তা সম্পৰ্কে তথ্য বিচাৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল ন্যায়ালয়ৰ ৰোষতহে পৰিছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱে মুখ্যমন্ত্ৰী কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে এই ধনৰাশি চাৰি সপ্তাহৰ ভিতৰত গুজৰাট ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণত জমা দিবলৈ নিৰ্দেশ দিছে।

এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে বিষয়টো সন্দৰ্ভত কয় যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত সমগ্ৰ দেশ স্তম্ভিত হৈছে কাৰণ গণতন্ত্ৰত তথ্য বিচৰা আৰু প্ৰশ্ন কৰাৰ স্বাধীনতা থাকিব লাগে। তেওঁ অভিযোগ কৰে যে, উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অহৰ্তাক লৈ সৃষ্টি হোৱা সন্দেহক অধিক ঘণীভূতহে কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰীয়ে যদি গুজৰাট বিশ্ববিদ্যালয় বা দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলেহেঁতেন তেন্তে এই তথ্য লুকুৱাই ৰখাৰ পৰিৱৰ্তে তেওঁ ইয়াক ৰাজহুৱা কৰি সকলোৰে সৈতে উদযাপন কৰিলেহেঁতেন। যদি প্ৰধানমন্ত্ৰী মোডীৰ বৈধ ডিগ্ৰী আছে তেন্তে গুজৰাট বিশ্ববিদ্যালয়ে কিয় দেখুৱাব পৰা নাই বুলিও তেওঁ কৰে কেজৰিৱালে।

কেজৰিৱালে কয় যে গুজৰাট বিশ্ববিদ্যালয়ে প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অৰ্হতাৰ তথ্য নিদিয়াৰ দুটা কাৰণ থাকিব পাৰে- সেয়া মোডীৰ অহংকাৰ অথবা তেওঁৰ ডিগ্ৰী ভুৱা হ’ব পাৰে।

অৱশ্যে তেওঁ লগতে কয় যে দেশত যথেষ্ট দৰিদ্ৰতা থকাৰ বাবে নিৰক্ষৰ হোৱাটো ‘অপৰাধ বা পাপ’ নহয়। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে আমাৰ বহুতেই আনুষ্ঠানিক শিক্ষাও লাভ কৰিব পৰা অৱস্থাতো নাই।’

Related News