NORTHEAST NOW (Assamese)

গোৱালপাৰাত ইণ্ডিকা গাড়ী লৈ অহা ছাগলী চোৰক ৰাইজৰ উত্তম-মধ্যম

November 30, 2019 9:37 pm · নীলমণি শৰ্মা
গোৱালপাৰাত আটক হোৱা ছাগলী চোৰ কেইজন

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত মৈজোঙাত আজি তিনিগৰাকী ছাগলী চোৰক ছাগলী চুৰি কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গটাই দিয়ে।

জানিব পৰা মতে, বিগত কেইমাহমান ধৰি অঞ্চলটোৰ ৰাস্তাৰ লগতে ঘৰৰ পদুলীমুখত চৰি থকা ছাগলীবোৰ নোহোৱা হৈ আছিল।

আজি বিয়লি এখন ইণ্ডিকা গাড়ীত উঠি অহা ছাগলী চোৰে গাড়ী ৰখাই ৰাস্তাৰে পাৰ হৈ যোৱা ছাগলী গাড়ীত ভৰাই লোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু সকলোৱে মিলি গাড়ী সহ ছাগলী চোৰ তিনিজনক আটক কৰাৰ লগতে ভালদৰে উত্তম-মধ্যম সোধাই আৰক্ষীৰ হাতত গটাই দিয়ে।

আৰক্ষীয়ে ছহিদুল ইছলাম, কিতাপ আলী আৰু ইছমাইল হুছেইন নামৰ চোৰ তিনিজনক ৰাইজৰ হাতৰ পৰা চমজি লোৱাৰ লগতে এ এছ-০২ডি-৩৭৫৬ নম্বৰৰ ইণ্ডিকা গাড়ীখন জব্দ কৰে।

উল্লেখযোগ্য যে, বিগত কিছুসময়ৰ পৰা সঘনে ছাগলী চুৰি হৈ থকা ঘটনাত মৈজোঙা বাসী ৰাইজ অতিস্থ হৈ পৰিছিল।

Related News