NORTHEAST NOW (Assamese)

ৰঙিয়া-তামুলপুৰ-ভূটান পথত ক’ভিড বিধি উলংঘা কৰা লোকক জৰিমনা

July 15, 2021 9:06 am · দীপক কুমাৰ পাঠক

আন্তঃজিলা যাতায়ত বন্ধ থকাৰ সময়তে তামুলপুৰ আৰক্ষী তালাচীৰ মাজেৰে কালি বাক্সা জিলাৰ পৰা কামৰূপ জিলালৈ অবৈধ সুৰাভৰ্তি বাহন এখন ধৰা পৰাৰ পিছত  তামুলপুৰ মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে পৰিদৰ্শন কৰিলে দুই জিলা সংযোগী পথ। অবৈধ ভাৱে প্ৰৱেশ কৰা বাহনৰ পৰা আদায় কৰিলে জৰিমনা।

ক’ভিড সৃষ্ট পৰিবেশ নিয়ন্ত্ৰন কৰাৰ বাবে  ৰাজ্যজুৰি বন্ধ আছে আন্ত:জিলা যাতায়ত ব্যৱস্থা ৷

ইয়াৰ মাজতে কালি তামুলপুৰ-ৰঙিয়া পথৰ দ্বাৰকুছিত জব্দ হৈছিল এখন অবৈধ সুৰা ভৰ্তি বাহন, যিখন বাহনে বাক্সা জিলাৰ পৰা কামৰূপ জিলাৰ তুলসীবাৰীলৈ কঢ়িয়াই নিছিল ১৪ কাৰ্টুন অবৈধ সুৰা।

আজিও বাক্সা জিলা আৰু কামৰূপ জিলা সংযোগী ৰঙিয়া-তামুলপুৰ- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত আছে যাতায়াত ৷

ক’ভিড বিধি উলংঘা কৰি দুয়োখন জিলাৰ একাংশ লোকে কোনো ধৰনৰ অনুমতি অবিহনে যান বাহনেৰে নিৰ্বিঘ্নে অহা-যোৱা কৰি আছে ৰঙিয়া-তামুলপুৰ-ভূটান পথেৰে ৷

ক’ভিড বিধি উলংঘা কৰি অনুমতি অবিহনে যাতায়ত কৰা লোকক নাকী লগাবলৈ তামুলপুৰ মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে নিজে নামি পৰিল যানবাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ ৷

বেদাংগ তালুকদাৰে জনোৱা মতে যি সকল লোকে বিনা কাৰণত আন্তঃজিলাত  প্ৰৱেশ কৰিছে তেওঁলোকক ওভতাই পঠোৱাৰ লগতে যি সকলে ভুৱা অনুমতি পত্ৰ দেখুৱাইছে তেওঁলোকক জৰিমনা বিহা হৈছে।

Related News