NORTHEAST NOW (Assamese)

মাঘৰ পহিলা দিনটোত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ সমাগম

January 15, 2021 3:30 pm · নিৰ্মলেন্দু পাঠক
Updated: January 15, 2021 3:31 pm

পহিলা মাঘত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সমবেত হৈছে  ভক্ত ।

হাতে হাতে নৈবদ্য,বন্তি লৈ নেদেখা জনৰ ওচৰত আশিস বিচাৰি শৰণাপন্ন হৈছে ।

যোৱাবাৰ কভিড ১৯ৰ ভয়াবহতাৰ বাবে স্তিমিত হৈ পৰা সমাজ জীৱনৰ বিপৰীতে এইবাৰ সেই শংকা কিছু পৰিমাণে হ্ৰাস পোৱাত আজিৰ দিনটোত সেয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ সমাগম ঘটিছে।

লগতে নামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰাও ভক্ত সকলৰ সকলো ক্ষেত্ৰত সা সুবিধা প্ৰদানৰ সু ব্যৱস্থা কৰাৰ লগতে সমূহীয়া মংগলৰ অৰ্থে এখনি শৰাই আৰু অক্ষয় বন্তিৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছে।

Related News