NORTHEAST NOW (Assamese)

কৃষ্ণাইত প্ৰতিষ্ঠিত বেংকৰ শাখা সমূহত গ্ৰাহকক অভব্য আচৰণ : উৰ্দ্ধতন কৰ্তৃপক্ষক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

March 31, 2019 7:34 am · নীলমণি শৰ্মা
কৃষ্ণাই চহৰ। ফাইল ফটো : য়ু টিউবৰ সৌজন্যত

কৃষ্ণাই গ্ৰাম্য চহৰ খনত প্ৰতিষ্ঠিত বিভিন্ন বেংক প্ৰতিষ্ঠানৰ শাখা সমূহৰ বিৰুদ্ধে গ্ৰাহকক অভব্য আচৰণ কৰাকে ধৰি বিভিন্ন অভিযোগ উত্থাপিত হৈছে ৷ উত্থাপিত অভিযোগ অনুসৰি,ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বেংক সমূহৰ শাখাবোৰত সামান্য স্বাক্ষৰৰ ভুল, লেনদেনত সংঘটিত কিঞ্চিৎ বিভ্ৰাট, জমা বহী আপ টু ডেট কৰি দিয়াৰ অনুৰোধ আদিৰ বাবেই বহু গ্ৰাহক প্ৰায় প্ৰতিদিনেই বেংকৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা অপমানিত হ’ব লগীয়া হৈছে ৷

আনকি বহু কেইটা শাখাত সহজ সৰল লোক দেখিলেই বিভিন্ন অজুহাতত পাছ বুক দলিয়াই দিয়া,ঋণ লৈ সময় মতে পৰিশোধ কৰিব নোৱাৰা গ্ৰাহকক আদালতত গোচৰ দি জেলত ভৰোৱাৰ ভাবুকি দিয়া আদিৰ দৰে নীতি বহিৰ্ভূত কৰ্ম কাণ্ডও সংঘটিত হৈছে ৷

উদাহৰণ স্বৰূপে কৃষ্ণাই বজাৰৰ মাজ মজিয়াত প্ৰতিষ্ঠিত ইউনাইটেড বেংক অব ইণ্ডিয়া চমুকৈ ইউবিআইৰ শাখাটোৰ কথাই ক’ব পৰা যায় ৷ সঘনাই বিভিন্ন অভিযোগ উত্থাপিত এই শাখাটোতে শনিবাৰে দুপৰীয়া ছুপুৰান বিবি নামৰ এগৰাকী বৃদ্ধাক সামান্য চহী এটাৰ অমিলৰ বাবেই বেংকৰ বিষয়াই অভদ্ৰ আচৰণ কৰে ৷

বৃদ্ধা গৰাকীৰ পুত্ৰই অভিযোগ কৰা অনুসৰি, ইউবিআইৰ কৃষ্ণাই শাখাত ছুপুৰান বিবিৰ নামত থকা বেংকৰ পাছ বুক (জমা বহী) খন বহুদিন লেনদেন নকৰাৰ ফলত বন্ধ হৈ পৰিছিল ৷ নিয়ম অনুসৰি এনেদৰে বন্ধ হৈ পৰা পাছ বুক পুনৰ নৱীকৰণৰ বাবে সংশ্লিষ্ট গ্ৰাহক জনে কে ৱাই চি সহিতে কিছু তথ্য জমা দিব লাগে ৷

শনিবাৰে ছুপুৰান বিবিয়েও নিজৰ পুত্ৰ এজনক লগত লৈ বেংকত কে ৱাই চি জমা দিবলৈ আহিছিল ৷ সেইমৰ্মে তেওঁ কে ৱাই চিৰ লগত জমা দিয়ে পান কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি ৷ এইখিনিলৈ ঠিকেই আছিল ৷ কিন্তু ছুপুৰান বিবিয়ে যেতিয়া চহী মাৰিব লগীয়া হ’ল তেতিয়াই ঘটিল পয়মাল ৷ বেংক কৰ্তৃপক্ষই বৃদ্ধা গৰাকীৰ চহীটো আৰু ভোটাৰ পৰিচয় পত্ৰত থকা নামটোৰ কিছু অমিল দেখিবলৈ পায় ৷ কাৰণ ছুপুৰান বিবিয়ে ইংৰাজীত নিজৰ নামটো লিখোঁতে অসমীয়া ’ছ’ বৰ্ণৰ  বাবে ইংৰাজীৰ ’এছ’ বৰ্ণ ব্যৱহাৰ কৰে যদিও ভোটাৰ আই ডিত ’এছ’ৰ ঠাইত ছপা হৈছে চিএইছ বৰ্ণহে।

বি এল অ’ তথা নিৰ্বাচনী বিভাগৰ এই ভুলটো কোনোমতে মানি ল’বলৈ অনিচ্ছুক বেংক কৰ্তৃপক্ষ ৷ এটা সু পৰামৰ্শ দিয়াৰ সলনি বেংকৰ শাখাটোৰ দ্বিতীয় শ্ৰেণীৰ বিষয়া এজনে বেংকটোৰ বহু গ্ৰাহকৰ সমুখতে উচ্চ বাচ্য কৰে ৷ এয়া মাত্ৰ এটা উদাহৰণহে ৷ এই শাখাটোৰ অভব্য আচৰণ সৰ্বজনজ্ঞাত ৷ আন নালাগে চাকৰিৰ পৰা অৱসৰ লোৱা কৰ্মচাৰী বা তেওঁৰ বিধবা পত্নীয়ে পেঞ্চনৰ বিপৰীতে ঋণ এটা ল’ব খুজিলেই তেওঁলোকে অপ্ৰয়োজনীয় ভাবে হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগে এই শাখাটোত ৷

ইয়াতকৈ এখোপ চৰা কৃষ্ণাইস্থিত অসম গ্ৰামীন বিকাশ বেংকৰ শাখাটো ৷ সাধাৰণ চৰকাৰী আঁচনি যেনে বৃদ্ধ পেঞ্চন, আত্ম সহায়ক গোট, শিপিনীৰ ঋণ আদিকে ধৰি অনেক লেনদেনৰ বাবে গাঁৱৰ পুৰুষ মহিলা সকল এই বেংকত নগ’লে কোনোমতে নচলে ৷ পিছে বেংকৰ এই শাখাটোত পদাৰ্পণ কৰা এনে এজন হয়তো গ্ৰাহক নোলাব যিজনে এবাৰৰ বাবে হ’লেও শাখা পৰিচালক বা ক্ষেত্ৰ বিষয়াৰ হুটা মাত তথা অভদ্ৰ ব্যৱহাৰৰ সন্মুখীন হোৱা নাই ৷

এই শাখাটোৰ আন এক কৃতিত্ব হ’ল দালাল ৰাজ ৷ দালালৰ আশীৰ্বাদ অবিহনে এই বেংকত ঋণ সাহায্য আদি আদায় কৰটো এক দুৰূহ কাৰ্য ৷  সেইদৰে কৃষ্ণাইৰ চেন্ট্ৰেল বেংক অব ইণ্ডিয়াৰ শাখাটোতো গ্ৰাহক ৰাইজ সৰ্বদা আহুকালৰ সন্মুখীন হোৱাৰ অলেখ অভিযোগ আছে ৷

উল্লেখ্য যে এটা অতি ঠেক গৃহত প্ৰতিষ্ঠিত চিবিআইৰ এই শাখাটোত স্বাস্থ্য সন্মত কোনো পৰিবেশেই নাই ৷ আনহাতে এই শাখা সমূহত কৰ্মৰত অনা অসমীয়া ভাষী বিষয়া কৰ্মচাৰীসকলে অসমীয়া ভাষা ক’বলৈ সক্ষম হোবাৰ পাছতো গ্ৰাহকৰ লগত অসমীয়া ভাষাত মত বিনিময় কৰিব নোখোজাৰ অভিযোগো বহুদিনীয়া ৷

অৱশ্যে বজাৰ খনত প্ৰতিষ্ঠিত ষ্টেট বেংক অব ইণ্ডিয়াৰ শাখাটোৰ বিৰুদ্ধে এই মুহূৰ্তলৈ তেনে কোনো বিশেষ অভিযোগ উত্থাপিত হোবা নাই যদিও মাহৰ পিছত মাহ ধৰি শাখাটোত শাখা পৰিচালক নিয়োগ নকৰাত সাধাৰণ গ্ৰাহক সকল ঋণ গ্ৰহণ আদিকে ধৰি বিভন্ন কামত অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰিছে ৷

কৃষ্ণাইবাসী ৰাইজে অতিশীঘ্ৰে এছ বি আইৰ শাখাটোত এজন শাখা পৰিচালক মকৰল কৰাৰ  লগতে অন্যান্য বেংকৰ শাখা কেইটাত চলি থকা নীতি বভিৰ্ভূত কাম কাজ তথা গ্ৰাহকক কৰা দুৰ্ব্যবহাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বেংক সমূহৰ উৰ্দ্ধতন কৰ্তৃপক্ষক আহ্বান জনাইছে ৷

Related News