• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলীৰ আগ্ৰাসনৰ ফলত সংকটৰ গৰাহত বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চল

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
August 11, 2021 3:55 pm
Behali-banner

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ অসমৰ ভিতৰত জৈৱ বৈচিত্ৰতাৰ ভৰা এখন বৃহৎ বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চল ।

এই বনাঞ্চল খন আজি সংকটৰ গৰাহত । অৰুণাচলৰ আগ্ৰাসনৰ ফলত সংকট গৰাহত পৰিছে বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলখন।

Apply Now

আগ্ৰাসনৰ ফলত বনাঞ্চলখনৰ পৰিসীমা ক্ৰমান্বয়ে সৰু হৈ পৰা পৰিলক্ষিত হৈছে ৷যদিহে চৰকাৰ এতিয়াই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত দুস্প্ৰাপ্য বিৰল জীৱকুল সমূহ বনাঞ্চলৰ পৰা নিঃশেষ হৈ যোৱাটো ধুৰূপ!

১৯১৭ চনতে ঘোষণা কৰা  বিহালী  সংৰক্ষিত বনাঞ্চল হৈছে উত্তৰ অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এটি অৰ্ধ-চিৰসেউজ বনাঞ্চল। মুঠ ভৌগোলিক এলেকা আছিল প্ৰায় ১৪০ বৰ্গ কিলোমিটাৰ, যাৰ ভিতৰত বৰ্তমানে মাত্ৰ ৬০ বৰ্গ  কিলোমিটাৰ মানহে অক্ষত অৱস্থাত আছে ।

এই অৰণ্যই এটা সময়ত বিশ্বনাথ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গৈছে যিটো বৰ্তমান এচাম মানুহৰ বিভিন্ন পৰিবেশ বিৰোধী কামৰ বাবে হেৰাই গৈছে ৷

পূৱৰ পাক্কে আৰু নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল,  পশ্চিমৰ চিংলিজান, ছয়দুৱাৰ, দুলুং আৰু কাকৈক সংযোগ কৰিছিল। যাৰ ফলত বিপদাপন্ন হাতী আৰু অন্যান্য বন্যপ্ৰাণী সমূহৰ প্ৰব্ৰজনৰ বাবে এক মুকলি পথৰ সৃষ্টি হৈছিল।কিন্তু বৰ্তমান বনাঞ্চলখনলৈ নামি আহিছে চৰম ভাবুকি ৷

অঞ্চলটোৰ এদল গৱেষক তথা নেচাৰ্চ বন্যপ্ৰানৰ সদস্য সকলে এই বনাঞ্চলটো ইতিমধ্যে অন্বেষণ কৰিছে ৷এই গৱেষকসকলে এতিয়ালৈকে প্ৰায় ৩১০ বিধ স্থানীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি,৫১ বিধ স্তন্যপায়ী প্ৰাণী, ২৮২ বিধ চৰাই, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১১ বিধ জেঠী, ১২ বিধ উভচৰ প্ৰাণী, ২৭৫ ৰো অধিক পখিলা সংৰক্ষিত অঞ্চলত আছে বুলি সদৰী কৰিছে । প্ৰতিবছৰে কৰা প্ৰতিটো জৰীপৰ অন্তত অধিক নতুন প্ৰজাতি যোগ হৈয়েই আছে। এই প্রাণীসমূহৰ ভিতৰত প্ৰায় ৪০ বিধৰো অধিক প্রজাতিৰ প্রাণীক  বিলুপ্তপ্ৰায় বুলি International Union for Conservation of Nature(IUCN) য়ে চিনাক্ত কৰিছে ৷

গৱেষণা আৰু অন্বেষণমূলক বৈজ্ঞানিক কাৰ্যকলাপত এই অঞ্চলটো কেইবা দশক ধৰি অৱহেলিত হৈ আহিছে ।  শেহতীয়া জৰীপৰ অন্তত তেওঁলোকে বিজ্ঞানৰ পৃথিৱীত তিনিটা নতুন উদ্ভিদ প্ৰজাতিৰ লগতে কেইবাটাও আকৰ্ষণীয় উদ্ভিদ আৰু প্রাণী প্ৰজাতিৰ বৰ্ণনা কৰি অভিলেখৰ সৃষ্টি কৰিছে ।

এই  সংৰক্ষিত বনাঞ্চলত পোৱা প্রাণীবোৰৰ বহু সংখ্যকেই  বিপদাপন্ন । বিহালী সংৰক্ষিত বনাঞ্চল অসমৰ ৰাজ্যিক পক্ষী  তথা অতি বিৰল দেওঁহাঁহৰো বাসস্থান ।তাৰোপৰি,হাতী ঢেকীয়াপতীয়া,নাহৰ ফুটুকী,লতা-মেকুৰী বাঘ,বন-ৰৌ,টুপী বান্দৰ,লাজুকী বান্দৰ,সৰীসৃপ অজগৰ,চকৰী ফেঁটি,মূগী ফেঁটি সহ পক্ষীৰ ভিতৰত চাৰি প্ৰজাতিৰ হৰ্ণবিল উল্লেখনীয় ৷

কিন্তু ১০০০ ৰো অধিক বিধ দুস্প্ৰাপ্য জীৱকুল, উদ্ভিদকুল  বসতি প্ৰধান সংৰক্ষিত বনাঞ্চল হৈ থকাৰ পাছতো বৰ্তমানেও অভৰায়ণ্যলৈ উন্নীত হোৱা নাই বিহালী সংৰক্ষিত বনাঞ্চলখন ৷হয়তো চৰকাৰৰ অমনোযোগিতা আৰু স্থানীয় জননেতাৰ মাহী আইৰ দৃষ্টিৰ বাবেই আজিও বিহালী বনাঞ্চল এলাগী হৈ ৰৈছে ৷

ইতিমধ্যে এই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে ওলাই আহিছে নৱ প্ৰজন্ম, লোৱা হৈছে সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ , সামাজিক মাধ্যমৰ জৰিয়তে চলোৱা হৈছে প্ৰচাৰ ৷

কিয়নো সুৰক্ষাকৰ্মী কম থকাৰ সুযোগ লৈ চিকাৰীবোৰে জীৱ বোৰ চিকাৰ কৰিছে আৰু অবৈধ ভাবে গছ কাটি বনাঞ্চল ধংস কৰি আহিছে। বনাঞ্চলখন ধংস কৰাৰ বাবে  জনাঞ্চললৈ ওলাই অহাত হস্তী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি পাব ধৰিছে । সেয়ে গৱেষক আৰু সচেতন মহলৰ দাবীক চৰকাৰে কিদৰে গ্ৰহণ কৰে পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব ৷

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd