• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুগন্ধি পখিলাৰ কবি হীৰুদাৰ আজি অষ্টম মৃত্যুবাৰ্ষিকী: ৰাজ্যজুৰি সুঁৱৰিছে গুণমুগ্ধই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2020 1:19 pm

2 min read

Hiruda-1
902
VIEWS
Share on FacebookShare on Twitter

নৱ প্ৰজন্মৰ তাৰুণ্য তগবগ ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবোচ্ছ্বাসিত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি অষ্টম মৃত্যু বাৰ্ষিকী।

আজিৰ দিনটোৱেই আছিল ‘সুগন্ধি পখিলাৰ কবি’ হীৰুদা আঁতৰি যোৱাৰ দিন। কবিতাবোৰ নিথৰ হোৱাৰ দিন।

এই উপলক্ষে কবিগৰাকীৰ অসংখ্য গুণমুগ্ধই আজি কবিজনক শ্ৰদ্ধাৰে সোঁৱৰিছে। কবিজনাৰ স্মৰণত ছ’চিয়েল মিডিয়াতো অসংখ্য পোষ্ট দিয়া দেখা গৈছে।

উল্লেখযোগ্য অসমৰ এই বৰেণ্য কবিজনৰ, অৰ্থাৎ হীৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটিছিল।

১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা কবি হীৰুদাৰ কবিতাই দীৰ্ঘদিন ধৰি অসমীয়া কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি আহিছে।

তেওঁৰ কাবিক্যতা আৰু কথনশৈলীয়ে কবিতাক অন্য মাত্ৰা প্ৰদান কৰিছে।

কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়।

“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো ছিগো চিলাই…” হয়তো আছিল হীৰুদাৰ আটাইতকৈ চিনাকি ছন্দ।

সেইদৰে “ফুল-আলসুৱা তোমাৰ / মুখৰ শইচ-সোণালী হাঁহি /অযুত তৰাৰ ঘুমটি ভাঙি / যেন সূৰ্য আহিছে নামি!…আন এটি জনপ্ৰিয় পংক্তি।

হীৰুদা যেন আছিল শব্দৰ থুনপাক, ছন্দৰ যাদুকৰ।

চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে বিচাৰি পায় হীৰুদাক।

নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজি মৰিও অমৰ, হীৰুদাৰ মৃত্যু আজি এটা শিল্প। (মৃত্যুওতো এটা শিল্প/জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য -হীৰুদা)।

‘ভালপোৱাৰ বোকামাটি’ বিচাৰি ফুৰা কবি হীৰুদাৰ সুগন্ধি কবিতাৰ ছন্দই সদায়েই কাব্যপ্ৰেমীৰ অন্তৰৰ আৱৰণ খুলি হৃদয় জুৰাব।

আজি কবিগৰাকীৰ অষ্টম সংখ্যক মৃত্যু বাৰ্ষিকীত নৰ্থইষ্ট নাওৰ তৰফৰ পৰাও কবিগৰাকীলৈ যাঁচিছো একাজলি শ্ৰদ্ধাঞ্জলি।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd