NORTHEAST NOW (Assamese)

ফটোগ্ৰাফাৰ, কেমেৰাপাৰ্ছন লগত লৈ বছৰৰ এটা দিনত খেতি কৰিবলৈ যোৱা বুলি সমালোচিত হৈছে কিয় অখিল গগৈ?

July 26, 2019 8:20 am · কল্পজ্যোতি শইকীয়া
ভুঁই ৰোৱা উৎসৱত কৃষক নেতা অখিল গগৈ। ফটো : ফেইচবুক

ৰাজ্য বান বিধ্বস্ত হোৱাৰ সময়ত কিমান দূৰ যুক্তিসংগত ভূঁই ৰোৱা উৎসৱ?

অসমৰ চহা কৃষকক উপকৃত কৰিব নে ভূঁই ৰোৱা উৎসৱে?

ফটোগ্ৰাফাৰ, কেমেৰাপার্ছন লগত লৈ বছৰৰ এটা দিনত খেতি কৰিবলৈ যোৱা বুলি সমালোচিত হৈছে কিয় অখিল গগৈ?

সঁচাকৈয়ে চহা কৃষক ৰাইজৰ হৈ মাত নামাতে নেকি অখিল গগৈয়ে?

বানপানীৰ সময়ত বানপীড়িত কৃষকৰ খবৰ ল’বলৈ আহৰি নাই নেকি কৃষক নেতাগৰাকীৰ?

ৰাজ্যবাসীক বলীয়া বানে জুৰুলা কৰি ৰখাৰ সময়তে বুধবাৰে অৰ্কিড উদ্যানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ উদযাপনৰ পাছতে ৰাজ্যৰ বিভিন্ন মহলৰ পৰা এনে কেতবোৰ প্ৰশ্নৰ সন্মুখীন হৈছে কৃষক নেতা অখিল গগৈ।

উল্লেখযোগ্য যে, শাওনৰ পথাৰত অসমীয়া চহা জীৱনৰ চানেকি দাঙি ধৰাৰ উদ্দেশ্যে তথা বিলুপ্তপ্ৰায় ধানৰ সংৰক্ষণৰ উদ্দেশ্যে বুধবাৰে কৃষক নেতাগৰাকীয়ে দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰিছিল ‘ভূঁই ৰোৱা উৎসৱ’’।

ইয়াৰ পাছতে গগৈৰ বিৰুদ্ধে কৃষকৰ সমস্যাৰ ওপৰত মাত নমতাৰ লগতে তেওঁ নিজে বানপীড়িত লোকক সহায়ৰ হাত আগ নবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। ইয়াক লৈ ছ’চিয়েল মিডিয়াতো চলিছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

ফটো : ফেইচবুক

মহানগৰীৰ এজন সমাজ সচেতন ব্যক্তি বিশ্বজিৎ নাথে এই সন্দৰ্ভত অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি কয়, ‘অখিল গগৈ কোনো কৃষক আন্দোলনৰ যোগেদি বা কৃষকৰ সমস্যাৰ পটভূমিত নেতা হোৱা নাই বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব লোৱা নাই। সংগঠনৰ ৯০ শতাংশ কামেই কৃষকৰ বাবে আজিকোপতি কৰা নাই গগৈয়ে।‘

ইপিনে, কৃষক নেতা হৈয়ো কিয় বৰ্তমানলৈকে বানপীড়িত কৃষক ৰাইজৰ কাষত থিয় হোৱা নাই? এই প্ৰশ্ন উত্থাপন কৰি নাথে কয়, ‘অখিল গগৈ কৃষক নেতা, তেওঁৰ ধৰি লৈছো জীৱিকা নাই। কিন্তু তেওঁৰ পত্নী অধ্যাপিকা হৈয়ো বৰ্তমানলৈকে বানপীড়িতক সহায় আগবঢ়োৱা বুলি জনা নাই।‘

‘অখিল গগৈয়ে নিজে বান সাহায্য সংগ্ৰহ কৰা নাই বা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। কিয়নো ইয়াত তেওঁৰ ব্যক্তিগত মুনাফা নাথাকে,‘-নাথে এইদৰে কয়।

ইপিনে, ‘ভূঁই ৰোৱাটো’ অসমীয়া সমাজৰ এক প্ৰথা ইয়াক উৎসৱলৈ ৰূপান্তৰিত কৰিব নালাগে বুলিও তেওঁ কয়।

আনহাতে, এই সন্দৰ্ভত আন এগৰাকী সমাজ সচেতন ব্যক্তি নৃপেন মালাকাৰে কয়, ‘হাল বাবলৈ অসমীয়া মানুহক মনত পেলাই দিব নালাগে। উৎসৱ পাতি ঢাক-ঢোল কোবোৱাতকৈ সজাগতা সভা পাতি কৃষক ৰাইজৰ মাজত সজাগতা আনিব লাগে। বানে বিধ্বস্ত কৰাৰ সময়ত তেওঁ নিজে গৈ কৃষক ৰাইজৰ খবৰ কৰাটো উচিত আছিল। উৎসৱ পতাতকৈ কৃষকৰ লগত যুৱকসকলক জৰিত কৰাই তেওঁলোকক উৎসাহিত কৰিব লাগে।‘

তদুপৰি, ইয়াক লৈ ছ’চিয়েল মিডিয়াতো সমালোচনাৰ সন্মুখীন হৈছে কৃষক নেতা অখিল গগৈ।

সাক্ষৰ জ্যোতি মহন্ত নামৰ এগৰাকী ফেইচবুক ব্যৱহাৰকাৰীয়ে কটাক্ষ কৰি লিখিছে এইদৰে ‘দাড়ি নগজিলে কেনেকে নাঙলৰ আগৰ মাটি লগাব তাকে দেখাব বিচাৰোতেই ৰাইজে বিতৰ্ক কৰিছে।‘

ফেইচবুক প’ষ্ট

তেওঁ অন্য এটা পোষ্টত কৃষকৰ ফটো এখনৰ সৈতে লিখিছে  ‘খেতিপথাৰত নিজৰ নেতাজনৰ ৰূপ দেখি এনেদৰেই থমকি ৰৈছে কেইজনমান কৃষক। লগতে কাপোৰে, গালে, মুখে বোকা সানি এজন কৃষক নেতাক ফটো তুলি থকা অৱস্থাত প্ৰখ্যাত ফটোগ্ৰাফাৰ Dabboo Ratnani’

আনহাতে, প্ৰীতি বৰা শৰ্মা নামৰ এগৰাকী অধ্যাপিকাই গগৈক সমালোচনা কৰি ফেইচবুকত লিখিছে, ‘কষ্টৰে ৰ’দ বৰষুণ নেউচি আমালৈ অন্ন যোগাৰ কৰা সকলো খেতিয়কলৈ মোৰ প্ৰণাম )
আৱতৰীয়া ৰঙালীৰ বোকা খেলা ৰংবোৰ খেলি হয়তু তেওঁ এতিয়াহে আনন্দ পাইছে নিউজ চেনেলক মাতি।
পিছে বোকা নেখেলাকৈ ঘৰলৈ দুবেলা দুমুঠি যোগাৰ কৰিবলৈ শাওনৰ পথাৰত ৰ’দে বৰষুণে কষ্টকৰা সেই মহিলা পুৰুষ সকলক লৈ ৰাজনীতি নকৰি, তাছপাত ,কেৰম খেলি দিনতো পাৰ কৰি গধুলি ‘সেইঢোক’ খাই আহি সহজ সৰল মাক দেউতাকৰ ‘আপদ’ হোৱা অসমীয়া নিবনুৱা সকলক কিবা অলপ সুমতি দিব পৰা যায় নেকি ‘নাঙলখন ধৰি ‘….. অলপ ভাৱিবচোন ।‘

ইপিনে, এইদৰে সমালোচনা সন্মুখীন হোৱাৰ পাছতো অন্য কিছুসংখ্যকে অখিল গগৈৰ সমৰ্থনতো নিজৰ মত প্ৰকাশ কৰিছে।

ফেইচবুক প’ষ্ট

ধৰ্মকান্ত গগৈ নামৰ এজন সমাজ সচেতন লোকে নিজৰ ফেইচবুক ৱালত লিখিছে,  ‘অখিল গগৈৰ লগত বহু কথাতে মোৰ মনোমালিন্য আছে-কিন্তু কৃষি সম্পৰ্কে তেওঁ যি আদৰ্শ দেখুৱাইছে সি আদৰণীয়! এই সম্পৰ্কে সমালোচনা কৰা সকল সচাকৈয়ে কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা সকলৰ ঘোৰ বিৰোধী!
আমি আমাৰ মূল সংস্কৃতিয়ে পাহৰি পেলালেও অখিলে সকলোকে সোঁৱৰাই দিছে-ধন্যবাদ গগৈদেউ!!

কৃষক নেতাগৰাকীৰ সমৰ্থনত আন এগৰাকীয়ে লিখিছে, ‘অখিল গগৈৰ নেতৃত্বত ৰাইজৰ সহযোগত কালিৰে পৰা কাজিৰঙাত ন-ভূঁই ৰোৱা উৎসৱ আৰম্ভ হয়, লুপ্তপ্ৰায় ধানৰ জীয়াই ৰখাৰ প্ৰয়াসত আনন্দত হালোৱা- ৰোৱনী,, তাতেই কিছুমানৰ গা জ্বলি-পুৰি গৈছে, কি যে হ’ব?’

বানে জুৰুলা কৰাৰ সময়তে এইদৰে ‘ভূঁই ৰোৱা’ উৎসৱ উদযাপন কৰাক লৈ এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত।

Related News