ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম দিখৌমুখৰ বিস্তৃৰ্ণ অঞ্চল; তপন গগৈ লৈ স্থানীয় ৰাইজৰ আহ্বান

IMG-20190530-WA0003

দিখৌমুখত ব্ৰহ্মপুত্ৰলৈ মুখ কৰি এগৰাকী মহিলা

শিৱসাগৰ জিলাৰ ঐতিহাসিক দিখৌমুখৰ এক বিস্তর্ণ অঞ্চল এতিয়া ইতিহাস হোৱাৰ দিশত। অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ ভয়াবহ গড়াখহনীয়াৰ ফলত ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে দিখৌমুখৰ মাটিকালি।

বহুবছৰ ধৰি দিখৌমুখত  ব্ৰহ্মপুত্ৰ নদীয়ে  চলোৱা খহনীয়াৰ ফলত শ শ বিঘা ভূমি  এতিয়া পানীৰ তলত। ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে ইখনৰ পাছত সিখন গাঁও জাহ গৈছে। বৰ্তমান বাৰিষাৰ আগমনৰ লগে লগে শংকিত হৈ পৰিছে গাওঁবাসী। কোন সময়ত খহনীয়াৰ ফলত মথাউৰি ছিঙি ঘৰ দুৱাৰ উটুৱাই লৈ যায় তাৰ কোনো নিশ্চয়তা নাই।

বিগত ৫ বছৰৰ পৰা ক্ৰমাগতভাবে সমষ্টিৰ সাংসদগৰাকীক গড়াখহনীয়া ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সময়ত আবেদন নিবেদন কৰি থকা হৈছিল যদিও পাঁচ বছৰ উকলি যোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

বৰ্তমানৰ বিজেপি আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দিখৌমুখ অঞ্চলৰ গড়াখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি স্খানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে, বহু বছৰ ধৰি চলি অহা ব্ৰহ্মপুত্ৰ নদীৰ গড়াখহনীয়াৰ ফলত প্ৰায় ২০০ ৰো অধিক পৰিয়ালে নিজৰ স্থাৱৰ সম্পতি এৰি অন্য ঠাইলৈ স্থানান্তৰিত হব লগীয়া হৈছে।

প্ৰায় ছয় বছৰৰ পূৰ্বে ১৪ কোটি টকীয়া পাৰ্কোপাইনৰ এক আঁচনি লোৱা হৈছিল যদিও সেই আঁচনিখন সফল নহল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত জাঁহ যায় আঁচনি খন।

আনহাতে, দিখৌমুখৰ এই অঞ্চললৈ অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে দুবাৰকৈ ভ্ৰমণ কৰি ৰাইজক খহনীয়া সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা ন’গল।

মিচিং স্বায়ত্ত শাসিত পৰিষদে নিজাববীয়া কৈ প্ৰায় বিশ লাখ টকাৰ এখন আঁচনি গ্ৰহণ কৰিছিল যদিও সেইখন আঁচনিও ব্ৰহ্মপুত্ৰৰ কোবাল সোতত নিচিহ্ন হৈ যায়। যাৰ বাবে এতিয়া স্থানীয় ৰাইজে খহনীয়া ৰোধৰ স্থায়ী সমাধান বিচাৰিছে।

দিখৌমুখ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পূৰ্বে যোৰহাট সমষ্টিৰ নৱনিযুক্ত সাংসদ তপন কুমাৰ গগৈক অঞ্চলটোত খহনীয়া ৰোধ কৰাৰ বাবে নিৰ্দষ্ট কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটো ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে।