পাইপ যোগে খোৱাপানী লাভৰ বাবে আৰু কিছু মাহ অপেক্ষা কৰিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে!

piped-drinking-water-750x375

প্ৰতিনিধিত্বমূল আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষই মহানগৰীৰ জনসাধাৰণক পাইপযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দ্ধাৰণ কৰি দিয়া ডেড লাইনতো কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বৰ্দ্ধিত কলেৱৰৰ গুৱাহাটী মহানগৰীত বাস কৰা জনসাধাৰণৰ বাবে দৈনিক ২০০ মিলিয়ন লিটাৰ খোৱাপানীৰ দৰকাৰ।

বৰ্তমান থকা সুবিধা সমূহে গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ মাত্ৰ ২৫ শতাংশ লোকৰহে প্ৰয়োজন পুৰম কৰিব পাৰে আৰু বাকী থকা অংশই গভীৰ বৰিং অথবা অন্য পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

যদিও ২০১৩-১৪ চনত অসম চৰকাৰে খোৱাপানীৰ বাবে বহুকেইটা প্ৰকল্প গ্ৰহণ কৰিছিল সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ইয়াৰ কোনো এটা খোৱাপানীৰ প্ৰকল্পৰ কাম ৪০ শতাংশতকৈ অধিক সম্পূৰ্ণ হোৱা নাই।

উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুদিন পূৰ্বে চাৰিটা খোৱাপানী যোগান প্ৰকল্প ভ্ৰমণ কৰি প্ৰকল্প কেইটাৰ সৈতে জড়িত হৈ থকা বিষয়াসকলক চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত পাইপ যোগে পানী যোগান ধৰিবলগীয়া প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে অন্তিম সময় সীমা নিৰ্ধাৰণ কৰি দিয়ে।

জাপান ইন্টাৰনেশ্যনেল কো-অপাৰেটিভ এজেঞ্চি (JICA) ৰ অনুদানেৰে আৰম্ভ কৰা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম বৰ্তমান চলি আছে। এই পানী যোগান প্ৰকল্পৰ কাম সমাপ্ত হোৱাৰ বাবে আগন্তুক এমাহৰ পৰা চাৰিমাহ পৰ্যন্ত সময় ল’ব বুলি অনুমান কৰা হৈছে। পশ্চিম গুৱাহাটীৰ জাইকাৰ পানী যোগান প্ৰকল্পৰ কাম সম্পুৰ্ণ হ’লে প্ৰকল্পটোৰ পৰা ৫০০০ ঘৰলৈ পানী যোগান ধৰিব পৰা যাব বুলি জি এম ডি এৰ মুখ্য কাৰ্য্যবাহী বিষয়া মলয় বৰাই নৰ্থ-ইষ্ট নাওৰ আগত মত প্ৰকাশ কৰে।

বৰাৰ মন্তব্যৰ পৰা গুৱাহাটী মহানগৰবাসীয়ে নৱেম্বৰ মাহৰ পূৰ্বে পাইপ যোগে খোৱা পানী লাভ কৰাৰ সম্ভাৱনা ক্ষীণ।

‘একচন এইদ’ নামৰ এটা সংস্থাৰ গৱেষণাত বৰ্তমান গুৱাহাটী মহানগৰীৰ মাত্ৰ ৩০ শতাংশ লোককহে পাইপ যোগে খোৱা পানী যোগান ধৰি থকা হৈছে বুলি প্ৰকাশ পাইছে।

‘একচন এইদ’ৰ গৱেষক নৱজ্যোতি ভূঞাই ৩০ শতাংশ লোকক পানী যোগান ধৰা তথ্যক সন্তোষজনক দিশ নহয় বুলি উল্লেখ কৰে। ভূঞাই এইক্ষেত্ৰত চৰকাৰ আৰু বিভাগীয় এজেঞ্চি সমূহৰ মাজত সমন্বয়ৰ অভাৱ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।