• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰ ‘বিগ প্ৰমিজ’ : উপকৃত হ’বনে উত্তৰ-পূবৰ দৰিদ্ৰ?

কংগ্ৰেছৰ 'ন্যায়' আঁচনি : দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ বছৰি ৭২,০০০ টকাকৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2019 11:33 pm
Rahul Promise
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কংগ্ৰেছৰ হাত দুখীয়াৰ ভাত’ এয়া আছিল কংগ্ৰেছৰ এসময়ৰ শ্ল’গান। সুদীৰ্ঘ সময় ধৰি শাসনৰ গাদীত থাকিও সমাজৰ পৰা দৰিদ্ৰতা দূৰ কৰিব নোৱৰা কংগ্ৰেছে এইবাৰ আগ বঢ়াইছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ বিয়াগোম প্ৰতিশ্ৰুতি।

দেশৰ প্ৰাচীনতম ৰাজনৈতিক দলটোৱে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যে ‘ন্যায়’ নামৰ আঁচনি এখনৰ জৰিয়তে দেশৰ ২০ শতাংশ অতি দুখীয়া লোকলৈ বছৰি ৭২ হাজাৰকৈ নিশ্চিত আয় আগ বঢ়োৱা হ’ব, যদি দলটো শাসনলৈ আহে।

Apply Now

আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে দলটোৱে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ এই বিগ প্ৰমিজ এতিয়া আটাইতকৈ চৰ্চিত ৰাজনৈতিক বিষয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ২০১১-১২ বৰ্ষৰ পিয়লৰ তথ্য অনুসৰি গাওঁ আৰু নগৰ এলেকা মিলাই অসমৰ মুঠ জনসংখ্যাৰ ৩১.৯৮ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। অৰুণাচলৰ ৩৪.৬৭ শতাংশ, মণিপুৰৰ ৩৬.৮৯ শতাংশ, নাগালেণ্ডৰ ১৮.৮৮, ত্ৰিপুৰাৰ ১৬.৫, মেঘালয় ১১.৮৭, মিজোৰাম ২০.৪০ আৰু ছিকিমৰ ৮.১৯ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত আছে।

প্ৰশ্ন হয়, উত্তৰ-পূবৰ পৰা দৰিদ্ৰতা নাইকিয়া কৰিবলৈ ৰাহুল গান্ধীৰ সপোনৰ আঁচনিখন কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ পক্ষত ভোটদান কৰি দলটোক জয়ী কৰাত সহায় কৰিব নে উত্তৰ পূবৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণে?

বিজ্ঞপ্তিত দলটোৰ সভাপতি ৰাহুল গান্ধীয়ে উল্লেখ কৰা অনুসৰি দেশৰ ২০ শতাংশ দৰিদ্ৰ পৰিয়ালৰ বাবে প্ৰতি বছৰে ৭২,০০০ টকা নিশ্চিত কৰা হ’ব। লগতে পৰিয়ালৰ মূল মহিলাগৰাকীৰ একাউণ্টত সেই ধনৰাশি জমা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে কংগ্ৰেছে।

ইপিনে, কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পাছত ল’ব লগীয়া এই পদক্ষেপক কংগ্ৰেছে ‘ঐতিহাসিক’ আখ্যা দিয়াৰ উপৰি দেশৰ ৫ কোটি পৰিলৰ প্ৰায় ২৫ কোটি দৰিদ্ৰ জনসাধাৰণ উপকৃত হ’ব বুলিও দাবী কৰে।

ইয়াৰোপৰি, দৰিদ্ৰ জনসাধাৰণৰ বাবে কংগ্ৰেছৰ দিনত আৰম্ভ কৰা আঁচনিসমূহ মোদী চৰকাৰৰ দিনত বন্ধ হৈ পৰা বুলি দাবী কৰি বিজ্ঞপ্তিটোত ৰাহুল গান্ধীয়ে কয়, “কংগ্ৰেছ শাসনলৈ আহিলে সামাজিক কল্যাণমূলক প্রকল্পবোৰ বন্ধ কৰা নহয়।”

আনহাতে, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত এই আঁচনিবোৰৰ সফল ৰূপায়ণ কৰিছিল বুলি দাবী কৰাৰ লগতে কয়, “কংগ্ৰেছেই একমাত্ৰ দল যি পুনৰ এই কাম আৰম্ভ কৰিম।”

দৰিদ্ৰ লোকৰ বাবে  ‘ন্যায়’ নামৰ আঁচনিখন দেশৰ বিভিন্ন অৰ্থনীতিবিদৰ দল এটাই ৰূপ দিছে বুলি প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ আছে।

ইয়াৰোপৰি, আঁচনিখনত অন্তৰ্ভুক্ত হ’ব লগীয়া অন্যান্য বিষয়সমূহ অতি কম দিনৰ ভিতৰতে দলটোৱে প্ৰকাশ কৰিব বুলি বিজ্ঞপ্তিখনত উল্লেখ আছে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd