গধুৰ বোজা কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম আৰু বিধস্ত পথে অতিষ্ঠ কৰিছে চামগুৰি অঞ্চলৰ জনসাধাৰণক

very bad road condition of Samaguri

চামগুৰিৰ পথৰ জৰাজীৰ্ণ ৰূপ।

ৰাজ্যৰ একাংশ বিধ্বস্ত বাট-পথৰ ফলত সৰ্বসাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়তৰ ক্ষেত্ৰত জ্বলা-কলাৰ সন্মুখিন হৈ আহিছে। জহি-খহি যোৱা ৰাজপথৰ ফলত অঞ্চলটোত ক্ৰমান্বয়ে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

নগাঁৱৰ চামগুৰিৰ পৰা কঠিয়াতলি সংযোগী ১৭ নং ৰাজ্যিক ঘাই পথছোৱাৰ এটা বৃহৎ অংশৰ জৰাজীৰ্ণ আৱস্থাৰ বাবে অঞ্চলটোৰ ৰাইজে জীয়াতু ভোগ কৰি খাকিব লগা হৈছে।

১৭ নং ৰাজ্যিক ঘাই পথ চোৱাৰে চামগুৰিৰ উদমাৰিৰ পৰা কঠালগুৰিৰ মাজৰ প্ৰায় তিনি, চাৰি কিলোমিটাৰ পথত শতাধিক শিল-বালি ভৰ্তি গধুৰ ডাম্পাৰে অবাধে অহা-যোৱা কৰাৰ ফলত পথছোৱাত সম্প্ৰতি ডাঙৰ গাতৰ সৃষ্টি হৈ অতি দুৰ্ঘটনাপ্ৰৱণ হৈ পৰিছে।

পথছোৱাত পথাৰ সদৃশ বৃহৎ গাঁত আৰু ডাঠ বোকাৰ সৃষ্টি হোৱাৰ বাবে এতিয়া নিতৌ যাতায়ত কৰাৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ তথা পথাচাৰী, বিদ্যালয়ল-মহাবিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখিন হৈ আহিছে।

সংবাদ মাধ্যম যোগে ধাৰাবাহিক ভাৱে বাতৰি সম্প্ৰচাৰ অথবা প্ৰকাশ কৰি অহাৰ পাছতো অসমৰ বিয়াগোম গড়কপ্তানি বিভাগৰ এই পৰ্য্যন্ত গা লৰা নাই। দিনে-নিশাই বিধস্ত পথছোৱাৰে অঞ্চলটোৰ বিভিন্ন শিলৰ কুৱেৰী, ক্ৰেচাৰ মিল তথা কোম্পানীসমূহলৈ অবাধে মাত্ৰাধিক বহন ক্ষমতাৰ গধুৰ ট্ৰাক সমূহ অহা-যোৱা কৰি আছে।

আনহাতে, বেপেৰোৱা কোম্পানীসমূহৰ মইমতালি আৰু ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে বিধস্ত হৈ পৰা পথছোৱাত বিগত সময়ত বহুতো সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথৰ দুৰৱস্থাৰ বাবে ক্ষোভিত অঞ্চলটোৰ ৰাইজে সংবাদ মাধ্যমৰ যোগে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই, নহ’লে দীৰ্ঘদিনৰ বাবে গধুৰ যান-বাহন সমূহৰ চলাচল নিষিদ্ধ কৰাৰ বাবে আহ্বান জনায়।