অখিল গগৈৰ মুক্তি আৰু আশু আৰোগ্যৰ কামনাৰে গৃহ ভূমিত বন্তি প্ৰজ্বলন

ফটো : নৰ্থ-ইষ্ট নাও

জেইলত আৱদ্ধ হৈ থকা অৱস্থাতে ক’ৰ’নাত আক্ৰান্ত হোৱা গোলাঘাট জিলাৰ চেলেংহাট অঞ্চলৰ সু সন্তান তথা নিৰ্ভীক নেতা অখিল গগৈৰ মুক্তি আৰু আশু আৰোগ্য কামনা কৰি জন্মস্থানত এক বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

চেলেংহাট গ্ৰামীণ বিকাশ বেংকৰ সমীপত সামাজিক সাংস্কৃতিক অনুষ্ঠান ‍‘উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ’ সাংস্কৃতিক সমাজৰ উদ্যোগত তথা সমূহ চেলেংহাট বাসী ৰাইজৰ সহযোগত ১,০০১ গছি বন্তিৰে অসমৰ মানচিত্ৰ অংকন কৰি অঞ্চলবাসীয়ে কৃষক নেতাজনৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰে।

‘উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ’ সাংস্কৃতিক সমাজৰ পৰম্পৰা অনুসৰি সাত গছি বন্তি প্ৰজ্বলন কৰা হয়।

বন্তি প্ৰজ্বলন আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰে কৃষক মুক্তিৰ জিলা সভাপতি উমেশ বৰাই।

উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ’ সাংস্কৃতিক সমাজৰ সভাপতি কাজু গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে কৃষক মুক্তিৰ যোৰহাট জিলাৰ সম্পাদক অৰিন্দম গগৈ, চেলেংহাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী মনিকা বৰা, আছু চেলেংহাট আঞ্চলিকৰ সভাপতি সুবিৰৰাজ নেওগ, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰামেশ্বৰ কৰ্মকাৰ।

ইয়াৰ উপৰি আছাৰ প্ৰকাশ নায়ক,সাংস্কৃতিক কৰ্মী সুনীল দত্ত, ৰাজকুমাৰ দুৱাৰা, পৰাগ গগৈ, উৰ উৰ উৰ উৰ অভ্ৰভেদী উৰ’ সাংস্কৃতিক সমাজৰ সম্পাদক অনুপম গগৈ, অসীম পাত্ৰ, দেৱজীৎ দুৱৰাকে ধৰি অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটোত উপস্থিত থকা প্ৰত্যেকে একো গছিকৈ বন্তি প্ৰজ্বলন কৰি কৃষক নেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখ্য যে বিভিন্ন গোচৰত কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈ যোৱা ১১ জুলাইত ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ আহিছিল।

অখিলৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি বিতু সোণোৱালো ক’ৰ’নাত আক্ৰান্ত হৈছিল।

এই আটাই কেইগৰাকী সংগ্ৰামী নেতাৰে বৰ্তমান চিকিৎসা চলি আছে।

ই্ফালে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন এগৰাকী কাৰাৰুদ্ধ নেতা মানস কোঁৱৰক NIAৰ আদালতে জামিন মঞ্জুৰ কৰে।