NORTHEAST NOW (Assamese)

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ : আপোন নেতাজনলৈ একাঁজলি শ্ৰদ্ধা টীয়কৰ পীড়াকটাবাসীৰ

November 26, 2020 6:43 pm · নীৰ্মলেন্দু পাঠক

টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ আৰু ২৫ নং পূৱ হোলোঙাপাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত  তৰুণ গগৈ লৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

জিলা পৰিষদৰ সদস্য ত্ৰৈলোক্য শইকীয়া, পঞ্চায়তৰ সভানেত্ৰী নিজৰা বৰুৱা, মণ্ডল কংগ্ৰেছৰ সভাপতি লোকেশ্বৰ বৰুৱা, আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি সূৰ্য্য ফুকন, সম্পাদক প্ৰদীপ ফুকন,পীড়াকটা আঞ্চলিক বৰনামঘৰৰ উপ-সভাপতি দেৱেন বুঢ়াগোহাঁই,সচিব সমীৰণ বৰুৱাকে প্ৰমূখ্যে কেইবাজনো সমাজ সচেতন ব্যক্তি য়ে কালি সন্ধিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লোৱাৰ লগতে তৰুণ গগৈ দেৱৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

কেৱল এজন ৰাজনৈতিক নেতা তথা অসমৰ মূখ্যমন্ত্ৰী হিচাপেই নহয় অসমক মনে প্ৰাণে ভাল পোৱা এজন প্ৰকৃত অসমীয়া হিচাপে তেখেতৰ কৰ্মৰাজিক সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব বুলি পাৰ্থ জ্যোতি বৰুৱাই উল্লেখ কৰে।

প্ৰদীপ ফুকনে আঁত ধৰা অনুষ্ঠানটিৰ শেষত এটি সমজুৱা প্ৰাৰ্থনাৰে সদা হাস্যৰসিক তৰুণ গগৈ দেৱৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে।

Related News