সমগ্ৰ ৰাজ্য কোভিড-১৯ৰ আতংকত ত্ৰাসিত হৈ থকাৰ সময়তে পোহৰলৈ আহিছে আন এক সামাজিক সংক্ৰমণৰ বাতৰি ৷
গোৱালপাৰা জিলাত দুলাল সাহা (৪৪) নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী কোভিড-১৯ত আক্ৰান্ত হৈছে।
গোৱালপাৰা জিলাৰ কৃষ্ণাই আশুডুবিৰ দুলাল সাহা নামৰ এই কেন্সাৰ ৰোগীজনে চিকিৎসাৰ বাবে এসপ্তাহ পূৰ্বে জিএমচিএইচলৈ গৈছিল ৷
চিকিৎসালয় খনত গৈ সাহাই স্বাৱ দি ঘৰলৈ উভতিছিল ৷
শনিবাৰে সেই পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাত সমগ্ৰ কৃষ্ণাই অঞ্চলত আতংকই বিৰাজ কৰিছে ৷
ইপিনে, লোকজনক গুৱাহাটীলৈ লৈ যোৱা বাহনখনৰ চালক আৰু লোকজনৰ পৰিয়ালৰ আন সদস্যসকল ইতিমধ্যে বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল৷
সেয়েহে, অঞ্চলটোত অধিক লোকৰ সংক্ৰমণৰ আশংকাই দেখা দিছে।
এনে ঘটনাত এতিয়া গোৱালপাৰাবাসী আতংকিত হৈ পৰিছে।