NORTHEAST NOW (Assamese)

ব্যতিক্ৰমী সোৱাদেৰে মহানগৰীত এইবাৰ ভোটজলকীয়া ৰসগোল্লা; লাভ কৰিছে বিপুল সমাদৰ

July 29, 2019 8:37 am · শান্তনু শইকীয়া
Updated: July 29, 2019 6:01 pm
ফটো : নৰ্থইষ্ট নাও

মহানগৰস্থিত বিপণন ক্ষেত্ৰত পৰিচালক নয়নজ্যোতি ভট্ৰাচাৰ্যই এক ব্যতিক্ৰমী চিন্তাৰে প্ৰস্তুত কৰি উলিয়াইছে ভোটজলকীয়া ৰসগোল্লা।

পাঞ্জাবাৰীত থকা বিপণন ক্ষেত্ৰৰ ৰেস্তোৰাত উপলব্ধ  মিঠাইবিধ প্ৰস্তুত কৰি গ্ৰাহকৰ বাবে উলিয়াই দিয়াৰ লগে লগেই বিপুল সমাদৰ পাবলৈ সক্ষম হৈছে।

ভোটজলকীয়াৰ মিশ্ৰনেৰে অতি সুস্বাদুভাৱে  প্ৰস্তুত কৰা হৈছে এই ভোটজলকীয়া ৰসগোল্লা বিধ।

ফটো : নৰ্থইষ্ট নাও

এই সংক্ৰান্তত বিপণন ক্ষেত্ৰৰ কৰ্মচাৰী দিলজিৎ দাসে জানিবলৈ দিয়ে, ‘’বিপনন ক্ষেত্ৰত আমি সদায় অলপ ব্যতিক্ৰমী কিবা কৰিবলৈ চেষ্টা কৰো। আমি পোনপ্ৰথম বাৰৰ বাবে গুৱাহাটীত লাৰু-পিঠা বনাই বিক্ৰী কৰা আৰম্ভ কৰিছিলো, ঠিক তেনেদৰে এই বস্তুটোও আমি শুনিছিলোহে, শুনাৰ পাছত আমাৰ মনত ৰসগোল্লাবিধ প্ৰস্তুত কৰাৰ ইচ্ছা জাগিল। সেইদৰেই ৰসগোল্লাবিধ বজাৰলৈ অনা হ’ল।‘’

ৰসগোল্লাবিধে বৰ্তমান সময়ত গ্ৰাহকৰ সুন্দৰ সঁহাৰি পাবলৈ সক্ষম হৈছে বুলি তেওঁ আমাক জানিব দিয়ে। এই মিঠাইবিধ মহানগৰীৰ লগতে গোটেই অসমতে প্ৰায় বিৰল বুলি তেওঁ কয়।

আনহাতে, মিঠাইবিধক লৈ গ্ৰাহকৰ মাজত দেখা গৈছে অভাৱনীয় কৌতুহল। ব্যতিক্ৰমী সোৱাদ ল’বলৈ ভিৰ কৰিছে বিপণন ক্ষেত্ৰৰ ৰেস্তোৰাত।

বিভিন্ন উপাদানৰ সুন্দৰ সংমিশ্ৰণেৰে অতি সুন্দৰভাৱে মিঠাই বিধ প্ৰস্তুত কৰা হৈছে। এইখিনিতে নিজে খোৱাৰ লগতে আনকো খুৱাই ভাল লগা বুলি উপস্থিত বিভিন্ন জনে মত ব্যক্ত কৰে।

Related News