DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, December 11, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰৰ ৰাজনীতিত নতুন পাকঃ গুপকাৰ মিত্ৰজোঁট ত্যাগ কৰিলে নেচনেল কনফাৰেন্সে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 25, 2022 9:47 am
126
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰত বিজেপি বিৰোধী শক্তি হিচাবে পৰগণিত হোৱা গুপকাৰ মিত্ৰজোঁটত আৰম্ভ হৈছে বিসম্বাদ। ফলত মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছে নেচনেল কনফাৰেন্স দলে। দলটোৰ তৰফৰ পৰাই এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছে।

চলিত বৰ্ষতে কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে নেচনেল কনফাৰেন্সে জম্মু-কাশ্মীৰত পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লেৰেচন (পিএজিডি)ৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ঘোষণা কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিজেপি।

শেহতীয়াকৈ নেচনেল কনফাৰেন্সৰ প্ৰাদেশিক সমিতিৰ বৈঠকত শীঘ্ৰে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত দলটোৱে নিজাববীয়াকৈ ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে। পিডিপি নেতা মেহবুবা মুফতি আৰু নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই গুপকাৰ মিত্ৰজোঁটৰ দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিব বুলি কৈ আহিছিল যদিও এতিয়া নেচনেল কনফাৰেন্সে মিত্ৰজোঁটৰ পৰা ওলাই অহাত মিত্ৰজোঁটৰ ৰাজনৈতিক অংকত আউল লাগিছে।

উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।বিশেষকৈ ২০১৮ চনত বিজেপিয়ে মেহবুবা মুফটিৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। কিন্তু এইবাৰ উপত্যকাটোত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে ইতিবাচক ইংগিত দি আহিছে। উল্লেখ্য ২০২১ চনত কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত গুপকাৰ মিত্ৰজোঁটে ১০০ খনৰো অধিক আসন লাভ কৰাৰ লগতে বিজেপিয়ে লাভ কৰিছিল ৭৪ খন আসন।

ইপিনে দিল্লীৰ সৈতে এঘৰী যুঁজাৰ বাবে সাজু হোৱা কাশ্মীৰ উপত্যকাৰ ছটাকৈ বিৰোধী ৰাজনৈতিক দলৰ মাজত ভাঙন আৰম্ভ হোৱাত উপত্যকাটোৰ ৰাজনীতিয়ে নতুন পাক লৈছে।

২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ লগতে ৩৫(ক) অনুচ্ছেদ বাতিলৰ পিছতে গুপকাৰ মিত্ৰোঁট গঠন কৰা হৈছিল।

মিত্ৰজোঁটত ৬ টা দলৰ ভিতৰত দুটা সৰ্বভাৰতীয় দল ক্ৰমে কংগ্ৰেছ আৰু চিপিএমো আছে।

আন দল কেইটা আছিল ক্ৰমে নেচনেল কনফাৰেন্স,পিপ’লছ ডেম’ক্ৰেটিক পাৰ্টী,আৱামী নেচনেল কনফাৰেন্স আৰু জম্মু-কাশ্মীৰ পিপ’লছ কনফাৰেন্স। পিছে নেচনেল কনফাৰেন্সে মিত্ৰজোঁট ত্যাগ কৰাত মিত্ৰজোঁটৰ শক্তি ভালেখিনি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

Recent News

Manoj Bajpayee

নিজৰ জীৱন শেষ কৰাৰ কথা ভাবিছিল মনোজ বাজপেয়ীয়ে! কিয় আহিছিল এই চিন্তা!

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd