NORTHEAST NOW (Assamese)

মহাৰাষ্ট্ৰৰ কেবিনেট সম্প্ৰসাৰণঃ আঢ়ৈ বছৰৰ বাবে ৩৯জন মন্ত্ৰীৰ শপত গ্ৰহণ, কৰ্মক্ষমতাৰ ভিত্তিত কাৰ্যকালৰ লোৱা হ’ব সিদ্ধান্ত

December 16, 2024 2:23 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে (১৫ ডিচেম্বৰ) নাগপুৰত বিজেপি নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ মহাযুটি চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ কৰা হয়। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৩৯ গৰাকী মন্ত্ৰীক শপত গ্ৰহণ কৰোৱায়। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে স্পষ্ট কৰি দিয়ে যে এই মন্ত্ৰীসকলৰ কাৰ্যকাল ডেৰ-দুবছৰ হব আৰু তেওঁলোকৰ কৰ্মক্ষমতাৰ মূল্যায়নৰ ভিত্তিত তেওঁলোকৰ পৰৱৰ্তী কাৰ্যকালৰ সিদ্ধান্ত লোৱা হব।

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, শাসকীয় মিত্ৰজোঁটৰ বহুতেই বিশ্বাস কৰে যে ইয়াৰ দ্বাৰা কেৱল জবাবদিহিতা নিশ্চিত হোৱাই নহয়, মন্ত্ৰীসকলৰ ওপৰত উন্নত প্ৰদৰ্শনৰ বাবে হেঁচা পৰিব, কিন্তু মধ্যকালীন পৰিৱৰ্তনে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব নোৱাৰা আন লোকসকলকো আশাৰ সঞ্চাৰ কৰিব।

শপত গ্ৰহণৰ অন্তত উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু অজিত পাৱাৰৰ সৈতে অনুষ্ঠিত এক সংবাদমেলত ফাডনভিছে কয়, ‘আমাৰ সকলো মন্ত্ৰীৰ কৰ্মক্ষমতাৰ অডিট কৰা হব। যদি কোনো মন্ত্ৰীৰ কাম সন্তোষজনক বুলি পোৱা নাযায় তেন্তে পৰিৱৰ্তন কৰা হব। এই ব্যৱস্থা মহাযুতিৰ সকলো গঠনকাৰী দলৰ ক্ষেত্ৰত প্ৰযোজ্য হব।

শিৱসেনাৰ নেতা একনাথ শিণ্ডে আৰু এন চি পিৰ নেতা অজিত পাৱাৰেও এই নীতিক সমৰ্থন কৰে।

উল্লেখ্য যে, ৩৯ গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত ৩৩ গৰাকীয়ে কেবিনেট মন্ত্ৰী আৰু ৬ গৰাকীয়ে ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰে ১৮ জন প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে। বিজেপিৰ ১৯ মন্ত্ৰী, শিৱসেনাৰ ১১ মন্ত্ৰী আৰু এন চি পিৰ ৯ মন্ত্ৰীক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্রী আৰু দুজন উপ-মুখ্যমন্ত্রী সংযোজন হোৱাৰ লগে লগে কেবিনেটত মুঠ সদস্যৰ সংখ্যা এতিয়া ৪২ জন

এই কেবিনেট সম্প্ৰসাৰণৰ লগে লগে মহাৰাষ্ট্ৰৰ ৰাজনীতিত শক্তি আৰু কৰ্মক্ষমতাৰ ভাৰসাম্যৰ এক নতুন অধ্যায় আৰম্ভ হৈছে।

Related News