NORTHEAST NOW (Assamese)

মাজুলীত নিষিদ্ধ বৰদৈচিলা থিয়েটাৰ

June 25, 2019 11:05 am · মিটু খাটনিয়াৰ
মাজুলীত শিল্পী সমাজৰ সংবাদমেল

ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্তক প্ৰতাৰণা কৰি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজকে অভিনেত্ৰীগৰাকীৰ সৈতে হোৱা চুক্তি ভংগ কৰা সন্দৰ্ভত থিয়েটাৰখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠি মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা কৰে।

সন্মিলিত শিল্পী সমাজ মাজুলীয়ে ২৪ জুনত বিয়লি কমলাবাৰীস্থিত ৰামধেনু শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ত প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়েটাৰে কৰা প্ৰতাৰণা সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি থিয়েটাৰখনক মাজুলীত নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সন্মিলিত শিল্পী সমাজৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি প্ৰতাপ বৰুৱাই আঁত ধৰা সংবাদমেলখনত শিল্পী সমাজৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে কয় যে-সন্মিলিত সমাজ মাজুলীৰ আজীৱন সদস্য তথা মাজুলীৰ সু-সন্তান বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক প্ৰয়াত অচ্যুত ভাগৱতীৰ পত্নী প্ৰাঞ্জনা দত্ত এগৰাকী দক্ষ অভিনেত্ৰী গতিকে এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ ৰুচি-অভিৰুচি অনুসৰি অভিনয় কৰাৰ পূৰ্ণ অধিকাৰ আছে।

এগৰাকী অভিনেত্ৰীয়ে নিজে অভিনয় কৰিবলগীয়া নাটকখনৰ পাণ্ডুলিপি পঢ়িবলৈ বিচাৰাটো কেতিয়াও ভূল হ’ব নোৱাৰে বৰঞ্চ এগৰাকী দায়িত্বশীল অভিনেত্ৰীৰ সেয়া প্ৰাৰম্ভিক কৰ্তব্যহে বুলি বুঢ়াভকতে মন্তব্য কৰে।

আনহাতে, কোনো বিশেষ কাৰণ নোহোৱাকৈ অভিনয়েৰে জীৱন নিৰ্বাহ কৰি থকা এগৰাকী অভিনেত্ৰীক এনেদৰে চুক্তিবদ্ধ কৰি হঠাৎ চুক্তি বাতিল কৰা বাবে থিয়েটাৰখনৰ প্ৰযোজক নজৰুল ইছলামকো ধিক্কাৰ দিয়ে মাজুলীৰ সন্মিলিত শিল্পী সমাজে।

তদুপৰি, অভিনেত্ৰী প্ৰাঞ্জনা দত্তক নীতি নিয়মৰ মাধ্যমেৰে বৰদৈচিলা থিয়েটাৰে ক্ষতিপুৰণ আদায় দিয়াৰ বাবে দাবী উত্থাপন কৰি অনাগত দিনত কোনো শিল্পীৰ লগত তেনে কাৰ্য্য সংঘটিত নকৰিবলৈ শিল্পী সমাজে বৰদৈচিলা থিয়েটাৰক সকীয়াই দিয়ে।

Related News