দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ সময়সীমা বৃদ্ধি; গুৱাহাটী আৰু হাওড়াৰ মাজত ৱান ৱে বিশেষ ৰে’ল

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, ৰে’ল নং. ০৬১০৩/০৬১০৪ (নাগেৰকইল জংচন – ডিব্ৰুগড় – নাগেৰকইল জংচন) আৰু ৰে’ল নং. ০৬১০৫/০৬১০৬(নাগেৰকইল জংচন– ডিব্ৰুগড় – নাগেৰকইল জংচন) উভয় দিশত একেলগে প্ৰত্যেকৰে দুটাকৈ ট্ৰিপৰ বাবে এই সেৱাসমূহ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই ৰেলসমূহ বিদ্যমান সেৱাৰ দিন,সময় আৰু ষ্টপেজৰ দিনৰ সৈতে চলাচল কৰিব। লগতে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৭জুন, ২০২৪ তাৰিখে গুৱাহাটী আৰু হাওড়াৰ মাজত এখন ৱান ৱে গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি, ৰে’ল  নং. ০৬১০৩ (নাগেৰকইল জংচন – ডিব্ৰুগড়) বিশেষ ৰেলখন ০৭ জুনৰ পৰা ২১জুন, ২০২৪লৈ প্ৰতি শুক্ৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৬১০৪ (ডিব্ৰুগড়–নাগেৰকইল জংচন) বিশেষ ৰে’লখন প্ৰতি বুধবাৰে ১২জুনৰ পৰা ২৬জুন, ২০২৪লৈ চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ৰে’ল নং০৬১০৫ (নাগেৰকইল জংচন – ডিব্ৰুগড়) বিশেষ ৰে’লখন ১৪ জুনৰ পৰা ২৮ জুন, ২০২৪লৈ প্ৰতি শুক্ৰবাৰে চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং০৬১০৬ (ডিব্ৰুগড়–নাগেৰকইল জংচন) বিশেষ ৰে’লখন প্ৰতি বুধবাৰে ১৯জুনৰ পৰা ০৩জুলাই, ২০২৪লৈ চলাবলৈ সম্প্ৰসাৰিত কৰা হৈছে। এই ৰে’লসমূহৰ সেৱাৰ সম্প্ৰসাৰণে সেই পথসমূহত অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলক লাভান্বিতকৰিব।

তদুপৰি, ৰে’ল নং০৫৬৮০ (গুৱাহাটী – হাওড়া) ৱান ৱে বিশেষ ৰে’লখন শুক্ৰবাৰে ০৭জুন, ২০২৪ তাৰিখে ০৫:৫০বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি শনিবাৰে ০৩:০০ বজাত হাওড়াত গৈ উপস্থিত হব। এই ৱান ৱে বিশেষ ৰেলখনত যাত্ৰীসকলৰ সুবিধাৰ বাবে ২১টা ডবা থাকিব। যাত্ৰাৰ সময়ত ৰে’লখন গোৱালপাৰা টাউন, নিউবঙাইগাঁও, নিউ জলপাইগুড়ী, মালদা টাউন আৰু বৰ্ধমান আদি ৰে’লষ্টেচন হৈ চলাচল কৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত উপলব্ধ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ কৰা হৈছে।