যাত্ৰীৰ অতিৰিক্ত ভিৰলৈ লক্ষ্য কৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাচলৰ সময়সীমা বৃদ্ধি

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে নিৰ্ধাৰিত চলাচলৰ দিন, সময়সূচী, ষ্টপেজ আৰু গঠন অনুসৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই এই সন্দৰ্ভত এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। তলত বিস্তৃত বিৱৰণ দাঙি ধৰা হৈছে।

সেই অনুসৰি, ৰে’ল নং ০৬৫৭০ (গুৱাহাটী – এছএমভিটি বেংগালুৰু) প্ৰতি বুধবাৰে ০৬:০০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি শুক্ৰবাৰে ১০:০০ বজাত এছএমভিটি বেংগালুৰুত উপস্থিত হোৱা এই বিশেষ ৰেলখন ২৯ মে’ৰ পৰা ১২জুন, ২০২৪ পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৬৫৬৯ (এছএমভিটি বেংগালুৰু – গুৱাহাটী) বিশেষ ৰে’লখন প্ৰতি দেওবাৰে ০০:৩০বজাত এছএমভিটি বেংগালুৰুৰ পৰা যাত্ৰা আৰম্ভ কৰি ০৫:৩০বজাত গুৱাহাটীত উপস্থিত হোৱা এই বিশেষ ৰেলখন ২৬মে’ৰ পৰা ০৯জুন, ২০২৪পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

আনহাতে, ৰে’ল নং ০৬২২১ (মাইচুৰু-মুজাফ্ফৰপুৰ) বিশেষ ৰে’লখন মাইচুৰুৰ পৰা প্ৰতি সোমবাৰে ১০:৩০ বজাত যাত্ৰা আৰম্ভ কৰি প্ৰতি বুধবাৰে ১৩:৩০বজাত মুজাফ্ফৰপুৰত গৈ উপস্থিত হোৱা এই বিশেষ ৰে’লখন ১০জুন, ২০২৪ পৰ্যন্ত চলাচল কৰাৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং. ০৬২২২ (মুজাফ্ফৰপুৰ – মাইচুৰু) বিশেষ ৰেলখন প্ৰতি বৃহস্পতিবাৰে ১৩:০০বজাত মুজাফ্ফৰপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে ১৬:৪০বজাত মাইচুৰুত গৈ উপস্থিত হোৱা ৰে’লখন ১৩ জুন, ২০২৪ পৰ্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে।

এই ৰে’লসেৱাৰ সম্প্ৰসাৰণে এই ৰুট সমূহত চলাচল কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলক উপকৃত কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ চচিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।