• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ত হিন্দু নিৰ্য্যাতন? বাংলাদেশৰ মন্দিৰলৈ দুৰ্গা পূজাত ভূমি দান প্ৰধান মন্ত্ৰী হাছিনাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2018 9:16 pm
sheikh hasina bangladesh pm

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা। ছবি- দেইলি ষ্টাৰৰ পৰা।

772
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ সংখ্যালঘু, মূলতঃ হিন্দুসকলক, ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে শাসকীয় বিজেপি আৰু একাংশ সংগঠনে দিয়া “নিৰ্য্যাতন”ৰ দোহাইক সাধুকথাত পৰিণত কৰি দুৰ্গা পূজাত ঢাকাৰ এটা মন্দিৰক ভূমি দান কৰিছে ইছলামী দেশখনৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই।

দেশখনৰ আটাইতকৈ বৃহৎ মন্দিৰ ঢাকেশ্বৰী দৰ্শন কৰি সোমবাৰে মন্দিৰটোক কাষৰীয়া ১.৫ বিঘা ভূমি দান কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে। দান কৰা ভূমিখিনিৰ মূল্য বাংলাদেশী মুদ্ৰাৰ হিচাপত ৫০ কোটি টাকা।

অসমৰ সত্ৰৰ দৰে বাংলাদেশৰ মন্দিৰটোতো হোৱা বেদখলৰ সমস্যা আৱামী লীগৰ নেত্ৰীগৰাকীয়ে সমাধান কৰাৰ লগতে হিন্দু কল্যাণ ন্যাস (Hindu Kalian Trust) নামৰ ন্যাসটোৰ পুঁজি ২১ কোটি টকাৰ পৰা ১০০ কোটি টকালৈ বৃদ্ধি কৰিছে।

হিন্দু নিৰ্য্যাতনৰ দাবীৰ বিপৰীতে ইছলামী ৰাষ্ট্ৰখনৰ হাছিনা চৰকাৰৰ শ্ল’গান হৈছে “ধৰ্ম নিজৰ নিজৰ, উৎসৱ সকলোৰে”।

“বাঙালী ঐক্য” শিৰোগত কৰি আগবঢ়া ইছলামী দেশখনত ২০১৭ বৰ্ষত ৩০ হাজাৰ দুৰ্গা পূজা হোৱাৰ বিপৰীতে এই বছৰ পূজা মণ্ডপৰ সংখ্যা বৃদ্ধি পাইছে ৩১,২৭২ খনলৈ। দেশখন ভ্ৰমণ কৰা কালত পোৱা এই অভিজ্ঞতাৰ কথা পূৰ্বে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো উল্লেখ কৰিছিল।

লগতে পঢ়ক– বাঙালী সংগঠন নালাগে বিজেপি চৰকাৰেও পাতিব নোৱাৰিব সমাৱেশ, বজ্ৰ ঘোষণা জিতেন দত্তৰ

দুৰ্গা পূজা বাংলাদেশৰ জাতীয় উৎসৱ। এই পূজাত দেশজুৰি ৫ দিনীয়া চৰকাৰী বন্ধ থাকে আৰু দেৱী দুৰ্গাৰ উটনি যাত্ৰাত অগণন ইছলাম লোকে অংশগ্ৰহণ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ‘‘বন্ধু” হাছিনাই হিন্দুসকলৰ মংগলৰ বাবে লোৱা কাৰ্য্যসূচীক পৰ্য্যাপ্ত নহয় বুলিহে সমালোচনা কৰি আহিছে বিৰোধী দল তথা অধিক ইছলামবাদীৰূপে পৰিচিত বি এন পি আৰু ইয়াৰ সহযোগী জামাত-এ-ইছলামিয়ে।

এই পৰিস্থিতিত বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে অসমৰ সকলো খিলঞ্জীয়া লোকৰে নিদ্ৰা হৰণ কৰাৰ সময়ত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে— ক’ত নিৰ্য্যাতন হিন্দুক?

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd