• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰাখণ্ডত কাশ্মীৰী ব্যৱসায়ীক নিৰ্যাতন: এজন বজৰং দলৰ কৰ্মীসহ দুই অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2025 5:21 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ কাশীপুৰ অঞ্চলত এজন কাশ্মীৰী চাদৰ বিক্ৰেতাক নৃশংসভাৱে আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে এজন বজৰং দলৰ কৰ্মী আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে। যোৱা সোমবাৰে সংঘটিত হোৱা এই ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে বিয়পি পৰাৰ পিছতে উত্তৰাখণ্ড আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিগত ৯ বছৰে কাশীপুৰত চাদৰ বিক্ৰী কৰি থকা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ বিলাল আহমেদ ঘনী নামৰ এজন যুৱকক পাঁচ-ছয়জনীয়া এটা দলে আক্ৰমণ কৰিছিল। এই ঘটনাই সমগ্ৰ জম্মু-কাশ্মীৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে বিলাল আহমেদে ঘৰে ঘৰে গৈ চাদৰ বিক্ৰী কৰি থকা সময়তে একাংশ লোকে তেওঁক মাজপথত আৱদ্ধ কৰি ধৰে আৰু জোৰকৈ ভাৰত মাতা কি জয় ধ্বনি দিবলৈ বাধ্য কৰে। বিলাল আহমেদে অতি বিনয়েৰে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল আৰু ভাৰত কি জয় বুলি ক’বলৈ সন্মত হৈছিল, কিন্তু আক্ৰমণকাৰীসকলে তেওঁৰ কথা নুশুনি তেওঁক গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰে। অভিযুক্তসকলে বিলালক পাকিস্তানৰ লোক বুলি হীনচকুৰে চাই মাটিত বগৰাই দিছিল আৰু তেওঁক তীব্ৰ অপমান কৰিছিল। এই দৃশ্য দেখি একাংশ পথচাৰীয়ে ভিৰ কৰিছিল যদিও কোনেও বিলালক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি অহা নাছিল।

Apply Now

উধম সিং নগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মণিকান্ত মিশ্ৰই জনাইছে যে ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ব্যৱস্থা গ্ৰহণ কৰে। কাশীপুৰ থানাত ইতিমধ্যে দাঙ্গা, অপৰাধমূলক ভাবুকি আৰু শান্তি ভংগ কৰাৰ দৰে কেইবাটাও গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা যিকোনো কাৰ্যক কঠোৰ হাতেৰে দমন কৰা হ’ব। বিলাল আহমেদে প্ৰথমে ভয়তে আৰক্ষীৰ ওচৰলৈ যোৱা নাছিল যদিও পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত সমগ্ৰ সত্য পোহৰলৈ আহে।

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো ৰাজনৈতিক নেতাই উদ্বেগ প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি আৰু লোকসভাৰ সাংসদ চৈয়দ আঘা ৰুহুল্লাই এই আক্ৰমণক গৰিহণা দি দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। উল্লেখযোগ্য যে বিগত দুই সপ্তাহৰ ভিতৰত কাশ্মীৰী ব্যৱসায়ীৰ ওপৰত হিন্দু সোঁপন্থী কৰ্মীৰ দ্বাৰা সংঘটিত এয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা। ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশতো অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল। দিল্লীত অলপতে হোৱা বোমা বিস্ফোৰণৰ পটভূমিত দেশৰ বিভিন্ন ঠাইত কাশ্মীৰী লোকসকলক লক্ষ্য কৰি লোৱা এনে ধৰণৰ ঘটনাই জনসাধাৰণৰ মাজত শংকাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd