• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মুল্লযুঁজাৰুৰ প্ৰতিবাদৰ আঁৰত ব্যক্তিগত স্বাৰ্থ তথা বিশেষ এজেণ্ডা! দাবী ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2023 9:08 pm
Wrestlers protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰত সম্প্ৰতি তোলপাৰ লগোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সম্পূৰ্ণ ভুৱা! এই অভিযোগৰ আঁৰত আছে ব্যক্তিগত স্বাৰ্থ তথা বিশেষ এজেণ্ডা! দেশৰ যুৱ পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী কৰিছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে।

ফেডাৰেচনৰ মুৰব্বী ব্ৰিজ ভূষণ চৰণ সিং আৰু প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি যোৱা তিনিদিন ধৰি দেশৰ কেইবাগৰাকীও তাৰকা মল্লযুঁজাৰুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এই অভিযোগ উত্থাপন কৰা খেলুৱৈসকলৰ বিশেষ এজেণ্ডা আছে বুলি ফেডাৰেচনে দাবী কৰিছে।

Apply Now

“এই প্ৰতিবাদ মল্লযুঁজাৰুসকলৰ স্বাৰ্থত নহয় ভাৰতত মল্লযুঁজৰ প্ৰচাৰৰ বাবেও নহয়। ফেডাৰেচনৰ বৰ্তমানৰ ন্যায্য আৰু কঠোৰ ব্যৱস্থাপনাক উৎখাত কৰাৰ বাবে ইয়াৰ আঁৰত ব্যক্তিগত স্বাৰ্থৰ উপৰিও সুপ্ত এজেণ্ডা আছে। লগতে ৰাজহুৱাভাৱে অযথা চাপ সৃষ্টি কৰিবলৈ এনে প্ৰতিকূল পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰৰ কৰা হৈছে।”— যুৱ পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখা পত্ৰত এইদৰে কয় মল্লযুঁজৰ সংস্থাটোৱে।

উল্লেখ্য যে, যন্তৰ মন্তৰত যোৱা ৩ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰা খেলুৱৈসকলৰ ভিতৰত ভিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক, ৰবি দহিয়া, দীপক পুনিয়া আদি খ্যাতনামা তাৰকা খেলুৱৈ অন্যতম।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিং আৰু ফেডাৰেচনৰ প্ৰশিক্ষকে মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ লগতে ফেডাৰেচনৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মল্লযুঁজাৰুসকলে। প্ৰতিবাদী খেলুৱৈসকলে ফেডাৰেচন সম্পূৰ্ণ ভংগৰ দাবী তুলিছে।

এনে গুৰুতৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই মল্লযুঁজৰ সংস্থাটোৱে কয় যে মল্লযুঁজাৰুৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ফেডাৰেচনে সদায় কাম কৰি আহিছে। ফেডাৰেচনৰ সংবিধান অনুসৰি নিৰ্বাচিত সংস্থাই পৰিচালনা কৰে আৰু সেয়েহে সভাপতিকে ধৰি কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে সংস্থাৰ ভিতৰত স্বেচ্ছাচাৰী আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে বুলি দাবী কৰিছে ফেডাৰেচনে।

উল্লেখ্য যে খেলুৱৈসকলৰ তিনিদিনীয়া প্ৰতিবাদৰ অন্তত কালি মাজনিশা এক সংবাদমেলত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ব্ৰিজ ভূষণ চৰণ সিং ফেডাৰেচনৰ মুৰব্বী পদৰ পৰা আঁতৰি থাকিব বুলি ঘোষণা কৰিছিল। তেওঁ লগতে অভিযোগৰ তদন্তৰ বাবে গঠন কৰা তদন্ত সমিতিয়ে অহা চাৰি সপ্তাহৰ ভিতৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰিব বুলি সদৰী কৰিছিল।

ক্ৰীড়া মন্ত্ৰীৰ ঘোষণাৰ লগে লগে মল্লযোদ্ধাসকলে যন্তৰ মন্তৰৰ পৰা তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা তাৰকা মল্লযোদ্ধা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হৈছিল যদিও সেই বৈঠকত কোনো সমাধান ওলোৱা নাছিল। কিন্তু কালি দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মল্লযোদ্ধাসকলৰ দাবী অনুসৰি ব্ৰিজ ভূষণৰ অপসাৰণৰ কথা ঘোষণা কৰিছিল।

আনহাতে, ব্ৰিজ ভূষণৰ তদন্ত কৰিব লগা পৰ্যৱেক্ষণ সমিতিৰ সদস্যসকলৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি ক্ৰীড়ামন্ত্ৰী ঠাকুৰে উল্লেখ কৰিছিল। তদুপৰি, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সমিতিখনে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ দৈনন্দিন কাৰ্যকলাপৰ চোৱাচিতা কৰিব বুলি সদৰী কৰিছিল মন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd