দেশৰ ক্ৰীড়াক্ষেত্ৰত সম্প্ৰতি তোলপাৰ লগোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সম্পূৰ্ণ ভুৱা! এই অভিযোগৰ আঁৰত আছে ব্যক্তিগত স্বাৰ্থ তথা বিশেষ এজেণ্ডা! দেশৰ যুৱ পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী কৰিছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে।
ফেডাৰেচনৰ মুৰব্বী ব্ৰিজ ভূষণ চৰণ সিং আৰু প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি যোৱা তিনিদিন ধৰি দেশৰ কেইবাগৰাকীও তাৰকা মল্লযুঁজাৰুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এই অভিযোগ উত্থাপন কৰা খেলুৱৈসকলৰ বিশেষ এজেণ্ডা আছে বুলি ফেডাৰেচনে দাবী কৰিছে।
“এই প্ৰতিবাদ মল্লযুঁজাৰুসকলৰ স্বাৰ্থত নহয় ভাৰতত মল্লযুঁজৰ প্ৰচাৰৰ বাবেও নহয়। ফেডাৰেচনৰ বৰ্তমানৰ ন্যায্য আৰু কঠোৰ ব্যৱস্থাপনাক উৎখাত কৰাৰ বাবে ইয়াৰ আঁৰত ব্যক্তিগত স্বাৰ্থৰ উপৰিও সুপ্ত এজেণ্ডা আছে। লগতে ৰাজহুৱাভাৱে অযথা চাপ সৃষ্টি কৰিবলৈ এনে প্ৰতিকূল পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰৰ কৰা হৈছে।”— যুৱ পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখা পত্ৰত এইদৰে কয় মল্লযুঁজৰ সংস্থাটোৱে।
উল্লেখ্য যে, যন্তৰ মন্তৰত যোৱা ৩ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰা খেলুৱৈসকলৰ ভিতৰত ভিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিক, ৰবি দহিয়া, দীপক পুনিয়া আদি খ্যাতনামা তাৰকা খেলুৱৈ অন্যতম।
ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিং আৰু ফেডাৰেচনৰ প্ৰশিক্ষকে মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ লগতে ফেডাৰেচনৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মল্লযুঁজাৰুসকলে। প্ৰতিবাদী খেলুৱৈসকলে ফেডাৰেচন সম্পূৰ্ণ ভংগৰ দাবী তুলিছে।
এনে গুৰুতৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই মল্লযুঁজৰ সংস্থাটোৱে কয় যে মল্লযুঁজাৰুৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ফেডাৰেচনে সদায় কাম কৰি আহিছে। ফেডাৰেচনৰ সংবিধান অনুসৰি নিৰ্বাচিত সংস্থাই পৰিচালনা কৰে আৰু সেয়েহে সভাপতিকে ধৰি কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে সংস্থাৰ ভিতৰত স্বেচ্ছাচাৰী আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে বুলি দাবী কৰিছে ফেডাৰেচনে।
উল্লেখ্য যে খেলুৱৈসকলৰ তিনিদিনীয়া প্ৰতিবাদৰ অন্তত কালি মাজনিশা এক সংবাদমেলত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ব্ৰিজ ভূষণ চৰণ সিং ফেডাৰেচনৰ মুৰব্বী পদৰ পৰা আঁতৰি থাকিব বুলি ঘোষণা কৰিছিল। তেওঁ লগতে অভিযোগৰ তদন্তৰ বাবে গঠন কৰা তদন্ত সমিতিয়ে অহা চাৰি সপ্তাহৰ ভিতৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পৰীক্ষা কৰিব বুলি সদৰী কৰিছিল।
ক্ৰীড়া মন্ত্ৰীৰ ঘোষণাৰ লগে লগে মল্লযোদ্ধাসকলে যন্তৰ মন্তৰৰ পৰা তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা তাৰকা মল্লযোদ্ধা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হৈছিল যদিও সেই বৈঠকত কোনো সমাধান ওলোৱা নাছিল। কিন্তু কালি দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মল্লযোদ্ধাসকলৰ দাবী অনুসৰি ব্ৰিজ ভূষণৰ অপসাৰণৰ কথা ঘোষণা কৰিছিল।
আনহাতে, ব্ৰিজ ভূষণৰ তদন্ত কৰিব লগা পৰ্যৱেক্ষণ সমিতিৰ সদস্যসকলৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি ক্ৰীড়ামন্ত্ৰী ঠাকুৰে উল্লেখ কৰিছিল। তদুপৰি, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সমিতিখনে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ দৈনন্দিন কাৰ্যকলাপৰ চোৱাচিতা কৰিব বুলি সদৰী কৰিছিল মন্ত্ৰীগৰাকীয়ে।