NORTHEAST NOW (Assamese)

ক্ৰমাগত ষষ্ঠবাৰৰ বাবে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি

June 12, 2020 3:41 pm ·
প্ৰতিনিধিত্বমূলক ফটো

ক’ৰ’নাৰ সংক্ৰমণৰ মাজতে শুকুৰবাৰে সমগ্ৰ ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পায়।

শুকুৰবাৰে দেশত ক্ৰমাগত ষষ্ঠবাৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পায়।

নতুন বৰ্দ্ধিত পেট্ৰ’লৰ মূল্য অনুযায়ী দেশৰ ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ০.৫৭ টকাকৈ বৃদ্ধি পায় ৭৪.৫৭ টকা হয়।

আনহাতে, দিল্লীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ০.৫৯ টকাকৈ বৃদ্ধি পায় ৭২.৮১ টকা হয়।

বিগত ছয় দিনত দেশত পেট্ৰলৰ মূল্য প্ৰতিলিটাৰত ৩.৩১ টকা আৰু ডিজেলত ৩.৪২ টকা বৃদ্ধি পাইছে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত সমগ্ৰ বিশ্বত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতীয় বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পোৱাক জনসাধাৰণে সহজভাৱে গ্ৰহণ কৰিব পৰা নায়।

Related News