NORTHEAST NOW (Assamese)

পুনৰবাৰ মাধমাৰ : দেশত পুনৰ ক্ৰমাগতভাৱে তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

May 6, 2021 10:50 am · এন ই নাও নিউজ

ছটা সপ্তাহৰ পিছত ক্ৰমাগত তিনি দিন সমগ্ৰ দেশজুৰি ইন্ধজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে।

ছটা সপ্তাহৰ পিছত যোৱা মংগলবাৰে সমগ্ৰ দেশজুৰি পুনৰ ইন্ধজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছিল।

ইয়াৰ পিছতে বুধবাৰেও বৃদ্ধি পাইছিল পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি বৃহস্পতিবাৰেও বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য।

মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা আৰু ডিজেলত ১৮ পইচাকৈ বৃদ্ধি পোৱাৰ পিছত বুধবাৰে সমগ্ৰ দেশতে পুনৰ প্ৰতি লিটাৰ পেট্ৰলত ১৯ পইচা আৰু ডিজেলত ২১ পইচাকৈ বৃদ্ধি পাইছিল।

ইয়াৰ পিছতে আজি প্ৰতি লিটাৰ পেট্ৰলৰ ২৫ পইচা আৰু ডিজেলৰ ৩০ পইচাকৈ মূল্য বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে সম্পূৰ্ণ ১৮ দিনৰ পিছত যোৱা মংগলবাৰে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল।

যোৱা ১৫ এপ্ৰিলৰ পৰা মংগলবাৰ অৰ্থাৎ ৪ মে’লৈকে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল।

তাৰ পূৰ্বে যোৱা ১৫ এপ্ৰিলত প্ৰতি লিটাৰ পেট্ৰলত ১৪ পইচা আৰু ডিজেলত ১৬ পইচাকৈ বৃদ্ধি কৰা হৈছিল।

অৱশ্যে চলিত বছৰৰ ২৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰলত ৭৭ পইচা আৰু ডিজেলত ৭৪ পইচাকৈ মূল্য হ্ৰাস কৰা হৈছিল।

ইফালে চলিত বৰ্ষত দেশত অভিলেখসংখ্যক ২৭ বাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে।

যোৱা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে প্ৰতি লিটাৰ পেট্ৰলত ৭.৭১ টকা আৰু ডিজেলত মূল্য ৭.৯০ টকাকৈ মূল্য বৃদ্ধি পাইছে।

Related News