NORTHEAST NOW (Assamese)
Popular Stories

দেশত ভয়ংকৰ পৰিস্থিতি!: বিশ্বৰ কৰোনাক্ৰান্তৰ অৰ্ধাংশ আৰু মৃতকৰ ২৫ শতাংশ ভাৰতৰ, WHOৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 9:46 am
index.jpgaa

অতি ভয়াৱহ ৰূপ লৈছে ভাৰতৰ কোভিড পৰিস্থিতিয়ে। বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে যোৱা সপ্তাহটোত সমগ্ৰ বিশ্বত কৰোনাত আক্ৰান্ত হোৱা অৰ্ধাংশই হৈছে ভাৰতৰ।

ইফালে বুধবাৰে WHO-এ দাবী কৰিছে যে বিশ্বৰ মুঠ মৃতকৰ ২৫ শতাংশ হৈছে ভাৰতৰ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ৰ মতে যোৱা ১৪ দিন ধৰি একেধাৰে ভাৰতত দৈনিক তিনি লক্ষাধিক লোক কৰোনাত আক্ৰান্ত হৈ আহিছে।

WHO-ৰ মতে এই পৰিমাণটো হৈছে বিশ্বৰ দৈনিক কৰোনাক্ৰান্তৰ প্ৰায় ৪৬ শতাংশ। বুধবাৰে WHO-এ প্ৰকাশ কৰা মহামাৰী সংক্ৰান্তীয় সাপ্তাহিক প্ৰতিবেদনত এই পৰিসংখ্যা সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখ্য যে ভাৰতত দ্বিতীয় ঢৌৰ কৰোনাই সৰ্বস্তৰতে আতংকৰ সৃষ্টি কৰা পৰলিক্ষিত হৈছে। সমগ্ৰ দেশতে মেডিকেল অক্সিজেন আৰু বিচনাৰ নাটনিৰ বাবে মৃত্যুৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে।

অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ অভাৱত বহু আক্ৰান্ত এম্বুলেঞ্চ আৰু পথতে মৃত্যু হৈছে দেশত।

এই সমগ্ৰ পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে দায়ী কৰা হৈছে। কোভিড মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বিশাল ধৰ্মীয় সমাৱেশ অৰ্থাৎ কুম্ভমেলাৰ আয়োজনৰ অনুমতি দিছিল। যি কুম্ভমেলাত কেবা লক্ষাধিক লোকৰ সমাগম হৈছিল।

ইফালে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশাল জনসভাও আয়োজন কৰি সম্বোধন কৰি আহিছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

এই দায়িত্বহীনতাৰ বাবে দেশে বিদেশে সমালোচিত হোৱাৰ লগতে টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগৰ হেষ্টটেগ কেম্পেইনৰো আৰম্ভ কৰিছিল বিভিন্নজনে।