• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি নেতা বহিষ্কৃত হোৱাৰ পিছত পেট্ৰ’ল-ডিজেলৰ চিণ্ডিকেটৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব ডিগবৈ আৰক্ষীয়ে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 21, 2019 10:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈত থকা একাংশ ধাবাত বহু বছৰৰ পৰা পেট্ৰল-ডিজেলৰ চোৰাং বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰাপ্ত তথ্য মতে, ডিগবৈস্থিত ভাৰতীয় তেল নিগমৰ অসম সংমণ্ডলৰ টাৰ্মিনেলৰ পৰা জাগুন অৰুণাচল অভিমুখি তেল টেংকাৰৰ পৰা নিয়মিত প্ৰায় দুশৰ পৰা তিনিশ লিটাৰ পৰ্যন্ত তেল এই ধাবাসমূহৰ পাছফালে থকা গুদামত কাটিং কৰি জমা কৰা হয়৷

Apply Now

পাছত এই তেল ১০/১৫ টকা কমকৈ ট্ৰাক আৰু একাংশ অটো ড্ৰাইভাৰৰ ওচৰত বিক্ৰী কৰা হয়৷

এই তেল চুৰি কাৰ্যত একাংশ অইলৰ সংশ্লিষ্ট বিভাগৰ বিষয়া জড়িত থকাৰ অভিযোগ উঠিছে৷ যিহেতুকে বিভাগীয় ব্যক্তিৰ সহযোগিতাৰ অবিহনে এই চুৰি কাৰ্য সম্ভৱ নহয় বুলি জনা গৈছে৷

এনে অসাধু ব্যৱসায়ীৰ সৈতে থকা গোপন বুজাবুজিৰ সূত্ৰে অইলৰ বিষয়াই  তেল টেংকাৰত দুশ-তিনিশ লিটাৰ অত্যধিক বোজাই সৰবৰাহ কৰি এই ধাবাসমূহত কাটিং কৰি বিক্ৰী কৰোৱাই বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে জনোৱা মতে সংগঠনটোৱে ভাৰতীয় তেল নিগমৰ তিনিচুকীয়াৰ পৰা ডিগবৈলৈ টাৰ্মিনেলটো স্থানান্তৰ কৰাৰ পৰাই ডিগবৈৰ গোলাই আৰু পাৱৈ অঞ্চলত থকা একাংশ ধাবাত এটা তেল চোৰ চক্ৰই টেংকাৰ চালকৰ সৈতে বুজাবুজি কৰি তেল কাটিং কৰি অবৈধ বেহা চলাই অহা বুলি অভিযোগ কৰি  ৩১ মে তাৰিখত মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷

উক্ত স্মাৰকত তেল চুৰি চক্ৰৰ সৈতে ভাৰতীয় তেল নিগম আৰু আৰক্ষী প্ৰশাসনৰ একাংশ বিষয়া জড়িত আছে বুলিও উল্লেখ কৰিছিল৷

কিন্তু ইয়াৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা নল’লে বুলি উল্লেখ কৰি সংগঠনটোৱে আজি প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে এই সম্পৰ্কত ব্যৱস্থা লবলৈ প্ৰশাসনক সংগঠনটোৱে দাবী জনায়।

উল্লেখযোগ্য যে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাটোতে তেল চোৰ চক্ৰৰ লগতে তেল ভেজালীকৰণ চক্ৰ সক্ৰিয় হৈ আছে৷

অসমৰ তুলনাত কৰ ৰেহাই থকা অৰুণাচললৈ যোৱা তেল  মহকুমাটোৰ কেইবাটাও তেল ডিপোলৈ যোৱাৰ লগতে একাংশ ডিপোত ভেজালীকৰণৰ দৰে অসৎ কামো বহু বছৰৰ পৰা চলি আহিছে।

একাংশ আৰক্ষীৰ বিষয়া, একাংশ জাতীয় সংগঠনৰ নেতা তথা একাংশ সাংবাদিকক মেনেজ কৰিয়ে মহকুমাটোত এই চুৰি তেলৰ বৃহৎ ব্যৱসায় চলাই থকা হৈছে বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ।

উল্লেখযোগ্য যে পাৱৈৰ ভগৱান ধাবাত অবৈধ তেল চোৰ কৰা চক্ৰৰ পৰা ধন দাবী কৰাৰ অভিযোগত কালি মাৰ্ঘেৰিটা বিজেপি যুৱ মৰ্চাৰ তিনিজনকৈ নেতাক দলীয় বিষয়বাবৰ পৰা বহিস্কৃত কৰা হৈছিল।

উক্ত ঘটনাই আজিও মাৰ্ঘেৰিটাত প্ৰতিক্ৰিয়া অব্যহাত ৰাখিছে৷

বিজেপিৰ সদৰ মণ্ডলৰ দলীয় কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মণ্ডল বিজেপিৰ সভাপতি ভাদেশ্বৰ মৰাণে চোৰাং তেলৰ ব্যৱসায় কৰা ধাবাসমূহৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

সেয়ে সচেতন ৰাইজে এইক্ষেত্ৰত জিলা আৰক্ষী প্ৰশাসনক কঠোৰ ব্যৱস্থা হাতত লবলৈ আহ্বান জনাইছে৷ এক সূত্ৰই কয় যে ভগৱান ধাবাত আৰক্ষীয়ে অভিযান চলালে বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভৱনা আছে৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd